সৌমাৰ প্ৰহৰী, শিৱসাগৰ ৯ ছেপ্তেম্বৰঃ ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ শিৱসাগৰ জিলা সমিতিখন আজি ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী সুৰভী ৰাজকোঁৱৰী আৰু বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ দাস স্বাক্ষৰিত ১৩ গৰাকী বিষয়-ববিয়াকে লৈ ১৮ গৰাকী সদস্যৰ তালিকা আজি প্ৰকাশ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ নৱ গঠিত শিৱসাগৰ জিলা সমিতিখনত জ্যোতিপ্ৰসাদ দাসক সভাপতি, শুৱলা দাস, সুনীল দাস, বিনোদ দাস, উপকুণ্ড দাসক উপ- সভাপতি, বিনন্দ দাস, পৰাগ দাসক সাধাৰণ সম্পাদক, ধীৰেণ দাস, হিৰকজ্যোতি দাস, সুনীতা হাজৰিকাক সম্পাদক, ৰিতুপৰ্ণ শইকীয়াক কোষাধক্ষ্য আৰু ১৮ গৰাকী অনুসূচীত জাতিৰ বিজেপি কৰ্মীক সদস্য হিচাপেলৈ ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ শিৱসাগৰ জিলা সমিতিখন গঠন কৰে ।
Thursday, 10 September 2020
ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ শিৱসাগৰ জিলা সমিতি গঠন
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment