২০২১ ত নিৰ্বাচন খেলিব মটক ছাত্ৰ সন্থাই ! - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Tuesday, 1 September 2020

২০২১ ত নিৰ্বাচন খেলিব মটক ছাত্ৰ সন্থাই !

সৌমাৰ প্ৰহৰী, ডিব্ৰুগড় ১ ছেপ্তেম্বৰঃ আগন্তুক ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনত সদৌ অসম মটক ছাত্ৰ সন্থাই ৰাজ্যখনৰ ৬ টা  সমষ্টিৰ পৰা পৰোক্ষভাৱে ক্ৰমে তিনিচুকীয়া , চাবুৱা , লাহোৱাল, ডিব্ৰুগড় , শিৱসাগৰ আৰু বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব । ইতিমধ্যে সংগঠনটোৰ সিন্ধান্ত মৰ্মে সংগঠনটো মুখ্য উপদেষ্টা যুগল বৰুৱাই লাহোৱাল বিধানসভা সমষ্টিৰ পৰা, সংগঠনটোৰ সভাপতি নিৰেণ শইকীয়াই তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৰা, তিনিচুকীয়া জিলা সমিতি সভাপতি সঞ্জয় হাজৰিকাই চাবুৱা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে সংগঠনটোৰ মুখ্য উপদেষ্টা যুগল বৰুৱাই জানিবলৈ দিছে । ইপিনে শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক বিতুল গগৈয়েও শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি বিতুল গগৈয়ে জানিবলৈ দিয়ে ।

No comments:

Post a comment