সৌমাৰ প্ৰহৰী, হাঁহচৰাৰ প্ৰতিনিধি ১৬ আগষ্টঃ শিৱসাগৰ জিলাৰ হাঁহচৰা ঢেকেৰী গাঁৱৰ স্থিত অৰ্ধ শতিকা গৰকা ৰূপজ্যোতি পুথিভঁৰাল ও লটাচ ক্লাৱ আৰু উক্ত অনুস্থানৰ উত্তৰসূৰী অনুষ্ঠান ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত পুথিভঁৰাল প্ৰাঙ্গনত দেশৰ ৭৪তম স্বাধীনতা দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰে পুথিভঁৰালৰ প্ৰতিস্থাপক সম্পাদক তথা বৰ্তমান ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ সভাপতি ঘনকান্ত মহন্ত দেৱে। ইয়াৰ পাছতে অনুষ্ঠান দুয়োটাৰ উদ্যোগত ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে অসমৰ ভিতৰত শীৰ্ষ তৃতীয় স্থান দখল কৰা প্ৰিয়াক্ষী বৰা আৰু সপ্তম স্থান দখল কৰা উদিতা ঈশানী কাকতিক তেওঁলোকৰ ঘৰতেই অভিনন্দন পত্ৰ, কিতাপৰ টোপোলা, বহীৰ টোপোলা আৰু অন্যান্য শিক্ষন সামগ্ৰীৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ লগতে হাঁহচৰা মৌজা, বেতবাৰী মৌজা আৰু শিলাকুটী মৌজাৰ আন ২১ গৰাকী উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আৰ্থিক প্ৰতিকূল পৰিস্থিতিৰ মাজতো সুখ্যাতিৰে উৰ্ত্তীন্ন কৃতিমানক ঘৰে ঘৰে গৈ ভৱিষ্যত জীৱন উজ্বল কামনাৰে কিতাপৰ টোপোলা, বহীৰ টোপোলা আৰু অন্যান্য শিক্ষন সামগ্ৰীৰে অভিনন্দন জ্ঞাপন কৰা হয়। আজিৰ অনুস্থানত শিক্ষাবিদ ঘনকান্ত মহন্ত, সমাজকৰ্মী ধীৰেন দত্ত, শিক্ষাবিদ ড৹ প্ৰণৱ চেতিয়া, সমাজ কৰ্মী ললিত দত্ত, গৌতম কোঁচ, প্ৰাঞ্জল মহন্ত, অৰুণ দত্ত, অনন্ত দত্ত, শিখাপ্ৰিয়া গগৈ, নিৰু গগৈ, প্ৰবীণ বৰঠাকুৰ, ইন্দ্ৰজ্যোতি বৰঠাকুৰকে প্ৰমূখ্য কৰি দুয়োটা অনুষ্ঠানৰ সদস্য সকলে সক্ৰিয় সহযোগিতা আগবঢ়ায়। প্ৰকল্প সমিতিৰ সম্পাদকে জানিবলৈ দিয়া মতে এইবছৰ কভিড্ সৃষ্ট পৰিস্থিতিৰ বাবে এই অনুষ্ঠান কৃতিমান সকলৰ ঘৰে ঘৰে গৈ কৰিব লগা হয়।
Sunday, 16 August 2020
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অভিনন্দন অনুস্থান
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment