চাণক্য কুমাৰ দাসক অসম বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সদস্য হিচাপে নিযুক্তি - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Friday, 28 August 2020

চাণক্য কুমাৰ দাসক অসম বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সদস্য হিচাপে নিযুক্তি

সৌমাৰ প্ৰহৰী, শিৱসাগৰ ২৮ আগষ্টঃ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যকৰ্তা চাণক্য কুমাৰ দাস(Chanakya Kumar Das) ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সদস্য হিচাপে নিৰ্বাচিত হোৱাত শিৱসাগৰ জিলাৰ লগতে শিৱসাগৰ নগৰত  বিজেপি কৰ্মী সকলৰ লগতে শুভাকাংশী সকলৰ মনত উচাহ দেখিবলৈ পোৱা গৈছে । ভাৰতীয় জনতা পাৰ্টিৰ লগতে বিভিন্ন শুভাকাংশীয়ে চানক্য কুমাৰ দাসক শুভকামনা জ্ঞাপন কৰে । ইয়াৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ মজদুৰ মৰ্চা, কৃষান মৰ্চাৰো সম্পাদক আছিল চাণক্য কুমাৰ দাস । উল্লেখ্য যে, চাণক্য কুমাৰ দাস(Chanakya Kumar Das)ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগতে বিজেপিৰ এগৰাকী পুৰণি কাৰ্যকৰ্তা । বিজেপি দলৰ বেয়া দিনটো দলৰ হৈ কাম কৰি যোৱা চাণক্য কুমাৰ দাসে শিৱসাগৰ নগৰৰ লগতে স্থানীয় ৰাইজৰ সমস্যাৰ ক্ষেত্ৰত মাত মাতি অহিছে আৰু  আৰ্তজনৰ কাষত সুখ-দুখৰ সমভাগি হৈ আহিছে ।

No comments:

Post a comment