সদৌ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাৰ সংবাদমেল - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Thursday, 27 August 2020

সদৌ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাৰ সংবাদমেল

সৌমাৰ প্ৰহৰী, শিৱসাগৰ ২৭ আগষ্টঃ সদৌ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ প্ৰেছ ক্লাৱত যোৱা কালি এখনি সংবাদমেল সম্বোধন কৰি মটক জনগোষ্ঠীক জনজাতি কৰন, মটক জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান, কা’ বাতিল, ই.আই.এ অধিসূচনা বাতিল কৰা, অখিল গগৈৰ মুক্তি দিয়া, মূল্যবৃদ্ধি ৰোধ কৰা, ৰাজ্যত ছিণ্ডিকেট বন্ধ কৰা, নিবনুৱা সমস্যা সমাধন কৰা বৃহৎ নদীবান্ধ বন্ধ কৰাৰ লগতে শিৱসাগৰ জিলাত মটক ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি স্থাপনকে ধৰি বহু কেইটা দাবী উত্থাপন কৰে । সংবাদ মেলখনত সদৌ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাৰ সভাপতি বিৰাজ গগৈ আৰু সাধাৰন সম্পাদক বিতুল গগৈয়ে মটক অধ্যোষিত অঞ্চলৰ উন্নয়নৰ লগতে মটক জনগোষ্ঠীৰ পাৰ্থীত্ব প্ৰদান কৰিবলৈও ৰাজনৈতিক দল সমূহৰ আহ্বান জনাই ।

No comments:

Post a comment