সৌমাৰ প্ৰহৰী, শিৱসাগৰ ২৫ আগষ্টঃ দীৰ্ঘদিনধৰি দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা শিৱসাগৰ জিলা নামতি দিকচুৰ যুৱক বিশ্বজিৎ গোঁহাইৰ ঘৰত যোৱা কালি মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰন সম্পাদক বিতুল গগৈৰ নেতৃত্বত মটক ছাত্ৰ সন্থাৰ এটি দল উপস্থিত হৈ বিশ্বজিৎ গোঁহাইৰ পৰিয়ালক আৰ্থিক সাহাৰ্য কৰা প্ৰতিশ্ৰুতি দিয়াৰ লগতে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে । উল্লেখ্য যে, দুটা বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা বিশ্বজিৎ গোঁহাইৰ চিকিৎসাৰ বাবে পিতৃয়ে ইতিমধ্যে ঘৰৰ মাটি-সম্পত্তি বিক্ৰী কৰি চিকিৎসা কৰাব লগা হৈছে । সাম্প্ৰতি বিশ্বজিৎ বি.বৰুৱা কেঞ্চাৰ হস্পাটালত চিকিৎসাধীন হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । দূৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া বিশ্বজিতৰ চিকিৎসাৰ বাবে বিচাৰিছে কোনো হৃদয়বান লোকৰ কিছু সহায় ।
Monday, 24 August 2020
দুৰাৰোগ্য ৰোগত আক্ৰান্ত বিশ্বজিতক আৰ্থিক সহায় মটক ছাত্ৰ সন্থাৰ
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment