সৌমাৰ প্ৰহৰী, হাঁহচৰা, এজন প্ৰতিবেদক, ১৭ আগষ্টঃ সদৌ তাই আহোম ছাত্র সন্থা (আটাছু) গড়গাঁও মহাবিদ্যালয়ৰ গোটৰ উদ্যোগত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা অনলাইন ৰং তুলিকা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয় । সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ 'ক"শাখা আৰু শ্নাতক পৰ্যায়ৰ পৰা মুকলি দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতা লানিত অসমৰ বিভিন্ন জিলাৰ পৰা দেৰ শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে , প্ৰতিযোগিতা লানিৰ সন্মানীয় বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট চিত্ৰ শিল্পী নীলোৎপল আৰন্ধৰা আৰু ৰিদিপ বৰুৱাই, প্ৰতিযোগিতাৰ ফলাফল অনুসৰি 'ক" শাখাত প্ৰথম স্থান লাভ কৰে ৰাখী বৰগোঁহাই, দ্বিতীয় স্থান অনিৰুদ্ধ ৰাজকোঁৱৰ তৃতীয় স্থান যুটীয়া ভাবে লাভ কৰে সীমানি দাস আৰু অনিন্দিতা গগৈয়ে 'খ"শাখাত প্ৰথম স্থান লাভ কৰে জোতি খনিকৰ দ্বিতীয় ত্ৰিবেনী বৰুৱা আৰু তৃতীয় স্থান লাভ কৰে আয়ুন কিনচন সোণোৱালে, এই প্ৰতিযোগিতা খনি সফল কৰি তোলাৰ বাবে সকলো অংশগ্ৰহণকাৰি প্ৰতিযোগী সকলক উদ্যোগতা সকলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।
Wednesday, 19 August 2020
অনলাইন ৰং তুলিকা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
Thanks A Lot For Sharing This Awesome Info . I Hope Everyone Will Benefit For This Information,Thankyou
ReplyDelete