সৌমাৰ প্ৰহৰী, শিৱসাগৰ ১৬ আগষ্টঃ অখিল ভাৰতীয় বিদ্যৰ্থী পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ নগৰৰ লগতে দাতি কাষৰিয়া অঞ্চলৰ ১০০ গৰাকী আৰ্থিকভাৱে পিছপৰা ছাত্ৰ - ছাত্ৰীক ঘৰে ঘৰে গৈ বহি, কলম, ফেচ মাক্সক আদি পঢ়াৰ সামগ্ৰী বিতৰন কৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এবিভিপিৰ শিৱসাগৰ নগৰ শাখাৰ সম্পাদক সন্দ্বীপন কিশোৰ সিংহই সকলোকে শুভেচ্ছা জনাই । কাৰ্যসূচীৰ বিষয়ে শিৱসাগৰ নগৰ শাখাৰ সভাপতি কাশ্যপ জ্যোতি বৰাই জনাই যে, “শিৱসাগৰ নগৰ আৰু নগৰৰ দাঁতিকাষৰিয়া নামতিয়াল পথাৰ, বানমুখ, চেগুন চাৰি আলি আৰু দিচাংমুখৰ মুঠ ১০০ জন আৰ্থিক ভাৱে পাছ পৰা ছাত্ৰ-ছাত্ৰীক উপহাৰ প্ৰদান কৰা হয় ।” লগতে শিৱসাগৰ জিলাৰ সংযোজক দ্বীপজ্যোতি গগৈয়ে জনাই যে, “এবিভিপিয়ে সমগ্ৰ শিৱসাগৰ জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্য্যসূচীৰ ভিতৰত শিৱসাগৰ জিলাৰ মুঠ ১০০০ জন ছাত্ৰ-ছাত্ৰীক সাঙুৰি লোৱা হ'ব। তাৰেই অংশৰূপে শিৱসাগৰ নগৰ শাখাই আজিৰ কাৰ্যসূচী ৰূপায়ন কৰে। পৰৱৰ্তী পৰ্যায়ত এবিভিপিৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত প্ৰতিটো শাখাত এই কাৰ্যসূচী পালন কৰাৰ পৰিকল্পনা কৰা হৈছে।” কাৰ্যসূচীটোত উপস্থিত থাকে এবিভিপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য শুভ্ৰহীৰা বৰা, জাহ্নৱী গগৈ, ৰাজ্যিক সমিতিৰ সদস্য অনন্ত বৰা আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয় ছাত্ৰী একতা সভাৰ সভাপতি অন্নষা মহন্ত, সম্পাদিকা সংগীতা চেতিয়া আৰু তৰ্ক আৰু আলোচনী বিভাগৰ সম্পাদক পপী গগৈ ।
Sunday, 16 August 2020
স্বাধীনতা দিৱসত এবিভিপিৰ বিশেষ কাৰ্যসূচী
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment