প্ৰধানমন্ত্ৰী জনকল্যনকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযান অসম প্ৰদেশ অধিবক্তা বিভাগৰ পৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ম্যাদ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Wednesday, 12 August 2020

প্ৰধানমন্ত্ৰী জনকল্যনকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযান অসম প্ৰদেশ অধিবক্তা বিভাগৰ পৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ম্যাদ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজঃ প্ৰধানমন্ত্ৰী জনকল্যানকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযান অসম প্ৰদেশ অধিবক্তা বিভাগৰ তৰফৰ পৰা ফচল বীমা যোজনাৰ ম্যাদ বৃদ্ধিৰ বাবে আজি শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখ্য যে, কৃষকৰ শস্য বীমাৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি খণ্ডৰ উন্নতি সাধন কৰাৰ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰে । খাৰিফ শস্যৰ বাবে এই কৰ্মত কৃষকৰ আবেদন দাখিলৰ দিন ৩১ জুলাইত নিৰ্ধাৰণ কৰা হৈছিল । চলিত বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত তিনিবাৰকৈ শস্য ৰোপন কৰিব পৰা নাই , যাৰ বাবে নিৰ্ধাৰিত সময় ৩১ জুলাই ভিতৰত খেতিয়ক সকলৰ বাবে শস্যৰ বীমাকৰন সম্পূৰ্ণ কৰা সম্ভৱ হৈ উঠা নাই আৰু ইয়াৰ ফলত অসমৰ বানত ক্ষতিগ্ৰস্থ লাখ লাখ কৃষক এই সুবিধাৰ পৰা বঞ্চিত হৈছে । প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ম্যাদ ১০ ছেপ্তেম্বৰলৈ বৃদ্ধিৰ সংক্ৰান্তত প্ৰধানমন্ত্ৰী জনকল্যানকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযান, অসম প্ৰদেশ অধিবক্তা বিভাগৰ তৰফক পৰা প্ৰতিখন জিলাৰ পৰা প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ অংশ হিচাপে আজি শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি এখনি স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী , অসমৰ মুখ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰী, প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযানৰ ৰাষ্ট্ৰীয় সভাপতি, অসমৰ কৃষিমন্ত্ৰীলৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে । শস্যৰ বীমাকৰনৰ সময়সীমা বৃদ্ধি কৰি অসমৰ লাখ লাখ কৃষক উপকৃত হোৱাৰ লগতে আগন্তুক সময়ত কৃষিখণ্ডৰ প্ৰতি জনসাধাৰণৰ আকৰ্ষিত হ’ব বুলি প্ৰধান জনকল্যানকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযান অসম প্ৰদেশৰ অধিবক্তা বিভাগৰ ৰাজ্যিক সভাপতি দেৱজ্যোতি বৰুৱাই সংবাদ মাধ্যমৰ আগত সদৰি কৰে  । আজি  শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰী জনকল্যানকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযান অসমৰ অধিবক্তা বিভাগৰ অসমৰ ৰাজ্যিক সভাপতি দেৱজ্যোতি বৰুৱা, উপসভাপতি সীমান্ত গগৈ, শিৱসাগৰ জিলা সাধাৰন সম্পাদক পুলিন গগৈ,  সম্পাদক মিঠুন চোলাধৰা উপস্থিত থাকে ।

No comments:

Post a comment