সৌমাৰ প্ৰহৰী, শিৱসাগৰ ৯ আগষ্টঃ মটক জনগোষ্ঠীৰ ভাতৃ সংগঠনৰ একাংশ নেতাৰ বিৰুদ্ধে সদৌ অসম মটক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা যুগল বৰুৱাক আপদস্ত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।এই ঘটনাক কেন্দ্ৰ কৰি আজি মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “আজি দুদিনমানৰ পৰা মটক জনগোষ্ঠীৰে জনগোষ্ঠীয় সংগ্ৰামৰ লগত জড়িত দুজনমান ব্যক্তিয়ে মটক ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা যুগল বৰুৱাৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়োৱাৰ লগতে ভাতৃঘাটি সংঘাতত লিপ্ত হ’ব বিচৰা আৰু তেখেতক মানসিকভাবে অত্যাচাৰ কৰা কাৰ্যক সদৌ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাই সামাজিক মাধ্যমৰ যোগেদি সেই ব্যক্তিসকললৈ আহ্বান জনাইছো যে, কিবা ভুল বুজা বুজি থাকিলে আলোচনা মাধ্যমেৰে সমাধান কৰিব লাগে । সদৌ অসম মটক ছাত্ৰ সন্থাই সদায় ৰাইজৰ হৈ কাম কৰি আছে আৰু সদায় কাম কৰি যাব । সদৌ অসম মটক ছাত্ৰ সন্থা মুখ্য উপদেষ্টা যুগল বৰুৱাই মটক জনগোষ্ঠীৰহৈ কাম কৰি গৈ আছে আৰু আগলৈও যাব । মটক জনগোষ্ঠীৰহৈ মটকৰ ভাতৃ সংগঠন সমূহেও কীম কৰি যাওঁক । আমাৰ কোনো বিৰুধৰ প্ৰশ্ন উঠিব নোৱাৰ । আমি আমাৰ এক্তিয়াৰৰ মাজত থাকি জনগোষ্ঠীটোৰ হৈ কাম কৰি আছো । লগতে যুগল বৰুৱা বিষয়ে মিছাতে অপপ্ৰচাৰ নচলাবলৈ সদৌ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাই সেই ব্যক্তি সকলক আহ্বান জনাইছো । জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত মটকৰ কেওটা সংগঠনে একেলগহৈ কাম কৰি যোৱাতো সদায় সদৌ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাই বিছাৰে । মটক সংগঠনৰ ভাতৃঘাটি সংঘাতে মটক জনগোষ্ঠীটোৰ সংগ্ৰামখনকহে দূৰ্বল কৰিব, জনগোষ্ঠীটোৰ উন্নয়ন সাধিব নোৱাৰে । গতিকে জাতিৰ সংকটৰ সময়ত উক্ত ব্যক্তি সকলে চৰকাৰৰ জাতি বিৰুধী সিদ্ধান্ত সমূহতহে চকু দিয়া প্ৰয়োজন । নিজৰ মাজত সংঘাতত নহয় ।”
Sunday, 9 August 2020
উপদেষ্টা যুগল বৰুৱাক কৰা অপমান দূৰ্ভাগ্যজনকঃ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থা
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment