আজিও উচিত ক্ষতিপুৰণ নাপালে বাঘজানবাসীয়েঃ অইল, চৰকাৰৰ প্ৰতি ক্ষোভ মৰাণ ছাত্ৰ সন্থাৰ - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Wednesday, 8 July 2020

আজিও উচিত ক্ষতিপুৰণ নাপালে বাঘজানবাসীয়েঃ অইল, চৰকাৰৰ প্ৰতি ক্ষোভ মৰাণ ছাত্ৰ সন্থাৰ

সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজ ৯ জুলাইঃ বাঘজান কাণ্ডই আজি ৪৩ দিন অতিক্ৰম কৰিলে । জুই নিৰ্বাপন দূৰৰ কথা ক্ষতিগ্ৰস্থ বাঘজানবাসীয়ে অইল আৰু চৰকাৰৰ প্ৰৰতিশ্ৰুতি মতেও আজি পৰ্যন্ত কোনো ক্ষতিপূৰণ লাভ নকৰিলে । সদৌ মৰাণ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি, দিলীপ মৰাণ আৰু সাধাৰণ সম্পাদক নৱ মৰাণৰ স্বাক্ষৰীত এটি প্ৰেছ বিজ্ঞপ্তিত নেতাদ্বয়ে অইল আৰু কেন্দ্ৰ - ৰাজ্য উভয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, অইল ইণ্ডিয়াৰ অনুন্নত প্ৰযুক্তি আৰু চৰম গাফিলতিৰ ফলশ্ৰুতিত বাঘজান বি জি আৰ -৫ তেল খাদত ২৭ মে’, ২০২৯ তাৰিখৰপৰা অহৰহ ওলাই থকা খাৰুৱা তেল মিহলি গেছৰ বৰষুণ আৰু কাণ তাল মৰা প্ৰচণ্ড শব্দই  বিস্তৃত অঞ্চল ভয়ংকৰভাৱে প্ৰদূষিত কৰাৰ পিছত ৯ জুন,২০২০তাৰিখে পুনৰ অগ্নিকাণ্ড সংঘটিত হৈ বাঘজানৰ বহুকেইটা ঘৰ জুইত জাহ যোৱাৰ উপৰিও বাঘজানবাসী ৰাইজৰ চাহ বাগান, তামোল বাৰীকে ধৰি জুইয়ে পুৰি ছাৰখাৰ কৰি পেলোৱাৰ দিন ইতিমধ্যে ৪৩ দিন অতিক্ৰম  কৰিলে ৷খাদৰ পৰা অহৰহ ওলাই থকা খাৰুৱাতেল-গেছ মিহলি ভয়ংকৰ ক্ষাৰযুক্ত পদাৰ্থ আৰু প্ৰচণ্ড বেগেৰে ওলাই থকা গেছৰ জলা জুইৰ তাপ,ভয়ংকৰ শব্দৰ হেঁচাত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হোৱা ভূ-কম্পনৰ ফলত অঞ্চলটোত বসবাস কৰা মানুহকে ধৰি সমষ্ট জীৱকুলৰ স্বাভাৱিক বিচৰণ তথা জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি নমাই আনিলে।
উল্লেখযোগ্য যে খাদৰপৰা প্ৰচণ্ড শব্দৰে অহৰহ গেছ নিৰ্গমন  হোৱা   দিনাৰেপৰা সুদীৰ্ঘ তেৰ দিনলৈকে অইল ইণ্ডিয়া কতৃৰ্পক্ষই তেল-গেছ আৰু ভয়ংকৰ শব্দ বন্ধ  কৰিব নোৱাৰিলে। ইয়াৰোপৰি  ৯ জুন,২০২০ তাৰিখে  খাদটোত জুই লাগি বিস্তৃত অঞ্চলত জুই বিয়পি ঘৰ বাৰী,ধন-জনৰ ব্যাপক ক্ষতি হোৱাৰ পিছত আজি ৪৩ দিন অতিক্ৰম কৰালৈকে খাদৰপৰা ভয়ংকৰভাৱে ওলাই থকা জুইৰ লগতে প্ৰচণ্ড শব্দৰে ওলাই থকা গেছ নিৰ্গমন নিৰ্বাপণৰ ক্ষেত্ৰত অইল ইণ্ডিয়া কৰ্তৃপক্ষই সামান্যতমো  আগবাঢ়িবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা নাই।আনহাতে খাদৰপৰা খাৰুৱাতেল মিহলি গেছ নিগৰ্মন আৰু অগ্নিকাণ্ড সংঘটিত হোৱা দিন ধৰি ঘৰ বাৰী,পোহনীয়া পশু-পক্ষী হেৰুওৱা অঞ্চলটোৰ বহু লোকে জীৱন নিৰাপত্তাৰ স্বাৰ্থত আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱাৰ উপৰিও বহু পৰিয়ালৰ শিশু ,বৃদ্ধ ,বৃদ্ধা ,শিক্ষাৰ্থী, আদি লোকে শিবিৰত থকাৰ সলনি দূৰণিবটীয়া গাৱঁৰ মিতিৰ-কুটুম্বৰ ঘৰত  থাকিবলগীয়া হৈছে৷ইফালে তেলখাদৰ তেল-গেছ আৰু প্ৰচণ্ড শব্দ বিয়পি পৰা  মাগুৰি-মতাপুং পক্ষীবিল, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্যৰ বিস্তৰ  ক্ষতি হৈছে৷ খাৰুৱা তেল মিহলি গেছ বিয়পি পৰা সমগ্ৰ অঞ্চলটোত মাটি ,পানী,বতাহ,গছ গছনি আদি তৃণভূমিলৈ ,মাগুৰি-মতাপুং বিলৰ জলস্তৰৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে।তেল খাদৰ সমগ্ৰ ঘটনাক্ৰমত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ আশ্ৰয় শিবিৰলৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী,অসম চৰকাৰৰ মুখ্যমন্ত্ৰী,ৰাজ্যিক কেবিনেটৰ মন্ত্ৰী,অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালক(CMD) আহি ক্ষতিগ্ৰস্ত লোকসকলৈ ক্ষতিপূৰণ,সংস্থান আৰু অঞ্চলটোৰ উন্নয়ণমূলক আঁচনি ঘোষণাৰে বহু আশ্বাস দি যোৱাৰ পিছত আজিকুপতি ক্ষতিগ্ৰস্তসকলে উচিত ক্ষতিপূৰণ পোৱাৰ ক্ষেত্ৰত চৰমভাৱে বঞ্চিত হোৱাৰ লগতে অইল ইণ্ডিয়াৰ সৈতে হোৱা আলোচনা সভাৰ নামত কেৱল আলোচনা কৰি ক্ষতিগ্ৰস্তসকলক চৰমভাৱে প্ৰতাৰণা কৰি অহা পৰিলক্ষিত হৈ আহিছে।অতি শেহতীয়াকৈ ৬ জুলাই ,২০২০ তাৰিখে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়স্থিত সভা কক্ষত বাঘজান মিলনজ্যোতি সংঘৰ নেতৃত্বত অহা ক্ষতিগ্ৰস্ত লোকসকলেৰে  অইলৰ সৈতে হোৱা আলোচনাতো ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ,সংস্থাপন তথা অঞ্চলটোত স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত অইল কৰ্তৃপক্ষৰপৰা আশানুৰুপ সঁহাৰি নোপোৱাৰ বাবে বাঘজান মিলনজ্যোতি সংঘৰ নেতৃত্বত  তিনি শতাধিক লোকৰ অংশগ্ৰহণেৰে উত্তাল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক।
এনে ফলশ্ৰুতিত ঘৰ বাৰী হেৰুৱাই সৰ্বতো দিশতে সৰ্বহাৰা হোৱা ক্ষতিগ্ৰস্ত বাঘজানবাসীয়ে ক্ষোভ -আবেগত- “আমাক সাহাৰ্য নালাগে, জুইকুৰা নুমুৱাই দিব লাগে, খাদৰ প্ৰচণ্ড কাণ তাল মৰা গুমগুমনিটো নাইকিয়া কৰি দিব লাগে” বুলি ক'বলগীয়া হোৱাটো চৰম দুৰভাগ্যজনক।
গেছ নিৰ্গত হোৱা দিন ধৰি আজিৰ তাৰিখলৈকে বাঘজান তেলখাদৰ সমগ্ৰ ঘটনাক্ৰমৰ বুজ লৈ থকাৰ উপৰিও একোটা সজাতি দল গৈ সদৌ মৰাণ ছাত্ৰ সন্থাই সুক্ষ্ম নিৰীক্ষণ,পৰ্যৱেশন কৰি থকাৰ মাজতে যোৱা ৭ জুলাইত ক্ষতিগ্ৰস্ত বাঘজানবাসীৰ সৰ্বতো দিশৰ নেতৃত্ব লোৱা মিলনজ্যোতি সংঘৰ আমন্ত্ৰণক্ৰমে সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দিলীপ মৰাণৰ সৈতে এটা সজাতি দলে বাঘজান বি জি আৰ -৫ খাদৰ নিৰীক্ষণ ,পৰ্যৱেশন আৰু অইলৰ দ্বাৰা চৰমভাৱে প্ৰতাৰিত হোৱা ক্ষতিগ্ৰস্ত লোকসকলে খাদৰ জুইত আত্মজাহ দিয়াৰ দৰে চুড়ান্ত কাৰ্যসূচীৰে নিজৰ ন্যাৰ্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদী অৱস্থান গ্ৰহণ কৰিবলগীয়া পৰিস্থিতি দৃষ্টিগোচৰ হোৱাটো অতি দুৰ্ভাগ্যজনক।অইলৰ চৰম গাফিলতি ,চুড়ান্ত অৱহেলা আৰু প্ৰতাৰণা কোনোকালে সহ্য কৰা নহ'ব।কোনো ধৰণৰ দীঘলীয়া আলোচনা সিধান্ত নকৰাকৈ পোনপটীয়াভাৱে ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ আদায় দিয়ক।অইলৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়াললৈ উপযুক্ত সংস্থাপনৰ তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মাগুৰি-মটাপুং বিল,ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু সমগ্ৰ অঞ্চলটো পাৰিপাৰ্শ্চিক দুৰ্যোগ প্ৰতিৰোধৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক।এইক্ষেত্ৰত অইল ইণ্ডিয়াৰ লগতে কেন্দ্ৰ -ৰাজ্য উভয় চৰকাৰে বাঘজান তেলখাদৰ জুইকুৰা নুমুৱাবলৈ বিশ্বৰ উন্নত কাৰিকৰী প্ৰযুক্তি প্ৰয়োগ কৰক।বাঘজান কাণ্ডৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ অইল ইণ্ডিয়া আৰু চৰকাৰলৈ দাবী জনালোঁ |উল্লেখযোগ্য যে বাঘজান তেলখাদৰ তেল-গেছ,জুই আৰু প্ৰচণ্ড শব্দই ক্ষতি কৰা ধন-জন,প্ৰাকৃতিক সম্পদৰ তুলনাত অইল ইণ্ডিয়াই দিবলগীয়া ক্ষতিপূৰণৰ পৰিমাণৰ সংখ্যাই কোনোদিনে পূৰণ কৰিব নোৱাৰে।পাৰিবজানো বাঘজান কাণ্ডত ক্ষতি হোৱা সমগ্ৰ পৰিৱেশটো পুনৰ ঘূৰাই দিবলৈ।পাৰিবজানো পূৰ্বৰ গাওঁবোৰ ,ঘৰ-বাৰীবোৰ ঘূৰাই দিবলৈ?আৰু পাৰিবজানো জুই নুমুৱাবলৈ গৈ অনাকাংক্ষিত মৃত্যুক আকোৱালি লোৱা অইলৰ কৰ্মচাৰী দুজন জীয়াই তুলিবলৈ?নোৱাৰে! গতিকেই সদৌ মৰাণ ছাত্ৰ সন্থাই অইল ইণ্ডিয়া লিমিটেডলৈ দাবী জনাইছো যে- অতিশীঘ্ৰে তেলখাদৰ জুইকুৰা নিৰ্বাপন কৰক।কেন্দ্ৰ-ৰাজ্য চৰকাৰে তৎপৰতাৰে সমগ্ৰ বিষয়টো সমাধানৰ তৎকালীন বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ| অন্যথা অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰৰ সোপাঢিলা নীতিৰ বিৰুদ্ধে সদৌ মৰাণ ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী অৱস্থান গ্ৰহণ কৰিবলৈ বাধ্য ।এইক্ষেত্ৰত ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে অইল ইণ্ডিয়া লিমিটেড আৰু কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰেই জগৰীয়া হ'ব।

No comments:

Post a comment