সৌমাৰ প্ৰহৰী, শিৱসাগৰ ১০ জুলাইঃ সমগ্ৰ দেশত চলি থকা ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ মাজতে চৰকাৰী নীতি নিৰ্দেশনা আৰু সামাজিক ব্যৱধান মানি শিৱসাগৰ জিলাৰ হাঁহচৰা মধ্য ইংৰাজী বিদ্যালয়ৰ পেক্ষাগৃহত হাঁহচৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসটি সম্পন্ন হৈ য়ায় । পুৱাই প্ৰথম কায্যসূচীত প্ৰেছ ক্লাবৰ সাংবাদিক সকলৰ লগতে স্থানীয় ৰাইজৰ সহযোগত চাফাই কাৰ্যসূচী আৰু গছ পুলি ৰোপন কৰা হয় । লগতে অনলাইন মুকলি কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি হাঁহচৰা প্ৰেছ ক্লাৱৰ স্মৃতিগ্ৰন্থ- “আলোকৰ” ডিজিটেল সংস্কৰণ উন্মোচন কৰে গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যাপিকা ৰীণা সন্দিকৈয়ে, সভাৰ আলোচ্য বিষয় - “ ক’ৰণা ভাইৰাছে সমাজলৈ সৃষ্টি কৰা প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তা।” শীৰ্ষক আলেচনা চক্ৰত মূখ্য অতিথিৰ বক্তব্য ৰাখে শিৱসাগৰ জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি খলিলুৰ ৰহমান হাজৰিকা, বিশিষ্ট অতিথি হিচাপে সাংবাদিক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ সহঃ সম্পাদক মনোজ কুমাৰ গগৈ, শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক জয়জ্যোতি গগৈ, মূখ্য আলোচক হিচাপে সাংবাদিক তথা নাজিৰা প্ৰেছ ক্লাৱৰ সভাপতি বুলু চেতিয়া , সাংবাদিক মনোজ কুমাৰ গগৈয়ে । অনুষ্ঠানটোৰ সঞ্চালনা কৰে গেলেকী মহাবিদ্যালয়ৰ প্ৰৱক্তা জয়ন্ত শইকীয়াই, উদ্ধোধন কৰে হাঁহচৰা প্ৰেছ ক্লাৱৰ সভাপতি ব্ৰজেন ফকনে । হাঁহচৰা প্ৰেছ ক্লাৱৰ সম্পাদক দেৱজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বেচৰকাৰী সংস্থা নৰ্থ ইষ্ট পিপুলচ্ ৰাইটৰ সহযোগত বহুকেইগৰাকী খেলুৱৈৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰাৰ লগতে শিৱসাগৰ জিলা গ্ৰাম্য পুথিভৰাল সন্থাই বহুকেইগৰাকী ব্যক্তিক সম্বধনা জনায় । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি সকলৰ লগতে স্থানীয় বহু কেইগৰাকী সাংবাদিক আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
Thursday, 9 July 2020
হাহঁচৰা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment