সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজ ৫ জুলাইঃ প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনাৰ প্ৰচাৰ আৰু প্ৰসাৰ অভিযানৰ অধিবক্তা বিভাগৰ অসম প্ৰদেশৰ ৰাজ্যিক অধ্যক্ষ হিচাপে অধিবক্তা দেৱজ্যোতি বৰুৱাক ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ দ্বিবেদীয়ে নিযুক্তি দিয়ে । উল্লেখ্য যে,শিৱসাগৰৰ হাঁহচৰাৰ নিবাসী পেচাত এগৰাকী অধিবক্তা দেৱজ্যোতি বৰুৱাই ছাত্ৰ অৱস্থাৰ পৰাই সমাজৰ সকলো শ্ৰেণীৰ হৈ সামাজিক, অৰ্থনৈতিক দিশৰ লগতে সমাজৰ দৰিদ্ৰ শ্ৰেণী, বষ্ণিত লোক সকলৰ বাবে আইনী সাহাৰ্য্য আদিৰ জৰিয়তে সমাজৰ উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পৰাই দেশৰ জনসাধাৰনক উপকৃত কৰিবৰ বাবে প্ৰায় ১৮৬ খন আঁচনি গ্ৰহণ কৰিছে । এই আঁচনি সমূহ দেশৰ সকলো স্তৰৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাই প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনাৰ প্ৰচাৰ আৰু প্ৰসাৰ অভিযানৰ সৈতে জড়িত অধিবক্তা বিভাগৰো মূল উদ্দেশ্য।
Sunday, 5 July 2020
Home
Assam News
প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনাৰ প্ৰচাৰ আৰু প্ৰসাৰ অভিযানৰ অধিবক্তা বিভাগৰ অসমৰ অধ্যক্ষ নিযুক্তি দেৱজ্যোতি বৰুৱাক
প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনাৰ প্ৰচাৰ আৰু প্ৰসাৰ অভিযানৰ অধিবক্তা বিভাগৰ অসমৰ অধ্যক্ষ নিযুক্তি দেৱজ্যোতি বৰুৱাক
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment