সৌমাৰ প্ৰহৰী , শিৱসাগৰ ২৩ জুলাইঃ সম্প্ৰতি মহামাৰী ক’ৰনাৰ লগতে বানপানীয়েও অসমৰ বহু জিলাত ভয়ংকৰ ৰূপ ধাৰন কৰিছে । লাখ লাখ মানুহ ক্ষতিগ্ৰস্থ হৈছে এই বানপানীৰ ফলতে । বৰ্তমান বহু কৃষি ভূমি, পথাৰ, মৎস্য উৎপাদন ক্ষেত্ৰ তথা পুখুৰী, বিল, মানুহৰ ঘৰ-বাৰী শইস্য বানপানীয়ে নিঃশেষ কৰিছে বানপানীৰ ফলত । এনে দুৰ্যোগপুৰ্ণ মুহূৰ্ততো বানপানীৰ ফলত ক্ষতিগ্ৰস্থ হোৱা বহু ভিতৰুৱা যেন এতিয়াও বঞ্চিত চৰকাৰৰ কোনো সহায়-সহাৰ্যৰ পৰা । বানপানীৰ ফলত অধিক ক্ষতিগ্ৰস্থ হৈছে শিৱসাগৰ জিলাৰ বহু ভিতৰুৱা অঞ্চল । য’ত এতিয়াও চৰকাৰী সহায়- সাহাৰ্য অবিহনে বানপীড়িত ৰাইজে কৰি গৈছে জীৱন জীয়াই থকাৰ সংগ্ৰাম । তেনে এটা অঞ্চল শিৱসাগৰ জিলাৰ পানবেচাত কেইজনমান শিক্ষিত যুৱকে গ্ৰহণ কৰা নিজা প্ৰচেষ্টাত বানপানীৰ ফলত ক্ষতিগ্ৰস্থ হোৱা মুঠ ৩৪ টা পৰিয়ালৰ, অঞ্চলটোৰ পুৰুষ, মহিলা, বৃদ্ধ, শিশুকে ধৰি প্ৰায় দেৰ শতাধিক মানুহৰ বাবে প্ৰতিটো পৰিয়ালত ৫ কেজি চাউল, ২ কেজি মচুৰ দাইল, ২ পেকেট মিঠাতেল, ১ ডোখৰ চাবোন, ১ প্লেট কণী, ২ কেজি আলু, ১ কেজি পিয়াজ, যুৱতী- মহিলাৰ বাবে চেনিটাৰী নেপকিন, শিশুৰ খাদ্যকে ধৰি অত্যাৱশ্যকীয় খাদ্য আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী বিতৰন কৰা হয় । উল্লেখ্য যে, পানবেচাৰ প্ৰায় সংখ্যক লোকেই দৈনিক হাজিৰা কৰি খোৱা লোক আৰু কৃষক পৰিয়াল । আৰ্থিকভাৱে পিছপৰা এই অঞ্চলৰ বানপীড়িত লোক সকলক স্থানীয় যুৱক বিতুল দিহিঙ্গীয়াক স্বেচ্ছাসেৱক হিচাপেলৈ নিজা প্ৰচেষ্টাত শিক্ষিত যুৱক ধ্ৰুৱজ্যোতি দাস, ৰাহুল দিহিঙ্গীয়াৰ লগতে অভিজিৎ চুতীয়া, মানসপ্ৰতীম বড়া, ভাস্কৰ ৰাজবংশীয়ে নাৱৰে ঘৰে ঘৰে গৈ বানপানীৰ মাজত আৱদ্ধ হৈ দূৰ্ভোগ ভোগি থকা ৩৪ টা পৰিয়ালক সাহাৰ্য সামগ্ৰী বিতৰন কৰে ।
Wednesday, 22 July 2020
Home
Assam News
এদল ছাত্ৰ-যুৱকৰ প্ৰচেষ্ঠাত বানপীড়িতলৈ সহায়ৰ হাতঃ বিতৰন কৰিলে খাদ্য দব্যৰ লগতে বৃদ্ধ, শিশু আৰু মহিলাৰ প্ৰয়োজনীয় সামগ্ৰী
এদল ছাত্ৰ-যুৱকৰ প্ৰচেষ্ঠাত বানপীড়িতলৈ সহায়ৰ হাতঃ বিতৰন কৰিলে খাদ্য দব্যৰ লগতে বৃদ্ধ, শিশু আৰু মহিলাৰ প্ৰয়োজনীয় সামগ্ৰী
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment