সৌমাৰ প্ৰহৰী, শিৱসাগৰ ২৯ জুলাইঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত দিখৌমূখ, দিচাংমূখ, পানবেচা, শান্তিপুৰ, বানমূখ আদি বিস্তিৰ্ণ অঞ্চল বানপানীত প্লাৱিত হৈ আছে । আজি শিৱসাগৰ জিলাৰ কেইবাটাও সংগঠনৰ উমৈহতীয়া মঞ্চ যৌথ সংগ্ৰামী মঞ্চই অসমৰ বানপানী, গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, বানপানী সমস্যাৰ স্থায়ী সমাধান কৰা, বানপানীত ক্ষতিগ্ৰস্থ সকলক উচিত ক্ষতি পুৰণ কৰা, বানাক্ৰান্ত সকলক যথোপযুক্ত সাহাৰ্য প্ৰদান কৰা, ভগ্নপ্ৰায় দূৰ্বল মথাউৰি সমূহ শ্ৰীৰ্ঘে মেৰামতি কৰা আদি পাঁচটা দাবী সম্বলিত আৰু আহোম জাতীয় গণ মঞ্চৰ সভাপতি মহেন্দ্ৰ দিহিঙীয়া, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি, এম.আই বড়া, বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ সভাপতি চিতু বৰুৱা, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰে শিৱসাগৰ জিলাৰ সভাপতি বিজয় কৃষ্ণ দুৱৰা, টাইাপাৰ শিৱসাগৰ জিলাৰ উপ-সভাপতি অসীম গগৈৰ স্বাক্ষৰীত এখনি স্মাৰক পত্ৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মী নন্দন গগৈক প্ৰদান কৰে সংগঠনটোৱে ।
Wednesday, 29 July 2020
বান সমস্যাক লৈ সৰৱ যৌথ সংগ্ৰামী মঞ্চউপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment