সৌমাৰ প্ৰহৰী, ডিব্ৰুগড় ১৭ জুলাইঃ ধুবুৰীৰ কৰ্মৰত ৰাজ্যৰ এটি ছেটেলাইট চেনেলৰ সাংবাদিক ৰাজীৱ শৰ্মাক বুধবাৰে মাজনিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰক্ষেপ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সাংবাদিক সুৰক্ষা মঞ্চ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই। শুকুৰবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা দুই পৃথক প্ৰেছ বিবৃতিত ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি তপন কুমাৰ শইকীয়া, সাধাৰণ সম্পাদক প্ৰণৱ ডেকাবৰুৱা আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱা, কাৰ্যকৰী সভাপতি ৰাতুল গগৈয়ে কয় সাংবাদিকগৰাকীয়ে বন আৰু গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰাৰ বাবেই এই আক্ৰোশৰ বলি হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আৰক্ষীৰ এনেধৰণৰ অমানৱীয় কাণ্ডক সহিব নোৱাৰি সাংবাদিক ৰাজীৱ শৰ্মাৰ পিতৃ সুনীল শৰ্মাই আকস্মিকভাৱে কৰুণ মৃত্যুক আঁকোৱালি লয়। শৰ্মাৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰিও সাংবাদিকগৰাকীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনায়।
Friday, 17 July 2020
সাংবাদিক ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰক লৈ সাংবাদিক সুৰক্ষা মঞ্চ-মটক ছাত্ৰ সন্থাৰ গৰিহণা
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment