সদ্য ঘোষিত চি.বি.এছ ই’ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দুই শিক্ষাৰ্থীক মটক ছাত্ৰ সন্থাৰ অভিনন্দন - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Tuesday, 14 July 2020

সদ্য ঘোষিত চি.বি.এছ ই’ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দুই শিক্ষাৰ্থীক মটক ছাত্ৰ সন্থাৰ অভিনন্দন

সৌমাৰ প্ৰহৰী, ডিব্ৰুগড়ৰৰ প্ৰতিবেদক, ১৪ জুলাইঃ যোৱা কালি ঘোষণা কৰা CBSE ৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিচুকীয়া টেগবাহাদুৰ একাডেমীৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ সহ ৯৪% নম্বৰে চাবুৱা দিনজয় সত্ৰৰ মনোৰম বড়া আৰু বসন্তি বৰা কণ্যা লিজা বৰুৱা আৰু নগাওঁ ৰামানুজ জুনীয়ৰ কলেজৰ পৰা আটাইকেইটা বিষয়ত লেটাসহ ৯০.৪% ৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা পানীতোলা বৰচাপৰিৰ বিজু ফুকন আৰু লখীপ্ৰিয়া ফুকনৰ পুত্ৰ অভিনয় ফুকনক আজি  চাবুৱাত সদৌ অসম মটক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা যুগল বৰুৱাৰ আতিথ্যত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়োজন ছাত্ৰ-ছাত্ৰী  উজ্জ্বল ভবিষ্যত কামনা কৰি মটক ছাত্ৰ সন্থাই অভিনন্দন জনাই । উক্ত অনুষ্ঠানত মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা, ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদককে কেন্দ্ৰ কৰি ভালেইকেইজন আঞ্চলিক সমিতি বিষয়ববীয়াও উপস্থিতিত থাকে ।

No comments:

Post a comment