সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি,মুখ্য উপদেষ্টা, বিজেপি নেতা অশ্বিনী চেতিয়াৰ মৃত্যুত শিৱসাগৰ জিলাত শোকৰ ছা - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Friday, 10 July 2020

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি,মুখ্য উপদেষ্টা, বিজেপি নেতা অশ্বিনী চেতিয়াৰ মৃত্যুত শিৱসাগৰ জিলাত শোকৰ ছা

সৌমাৰ প্ৰহৰী, শিৱসাগৰ ১০ জুলাইঃ তাই আহোম জনগোষ্ঠীৰ এগৰাকী শক্তিশালী নেতা তথা বিজেপি নেতা অশ্বিনী চেতিয়াই যোৱা নিশা ১২.১৫ বজাত গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত মৃত্যু হয় বিজেপি নেতা গৰাকীৰ । ১৯৭১ চনত নপাম চেতিয়া গাৱত জন্মগ্ৰহণ কৰা চেতিয়াই ১৯৯২ চনত আহে‍াম জাতীয় সংগঠন আটাছুত যোগদান কৰি ২০০৪ চনৰ ডিচেম্বৰত বৰবৰুৱ‍াত অনুষ্ঠিত সভাত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে আৰু ২০১০ চনত আটাছুৰ মূখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰে । ২০১৬ চনত সক্ৰিয় ৰাজনীতিলৈ আহে আৰু অসম সংগ্ৰামী মঞ্চৰ পৰা শিৱসাগৰ বিধান সভা সমষ্টিৰ নিৰ্বাচনত পৰা প্ৰতিদন্দিতা  কৰে । ২০১৯ চনত বিজেপিত অংশগ্ৰহণেৰে অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দায়িত্ব বহণ কৰে । বিগত বহু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শাৰিৰীক ভাৱে অসুস্থ হৈ থকা চেতিয়াই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু এজন পুত্ৰ সন্তানৰ লগতে বহু আত্মীয়-স্বজন এৰি থৈ যায় । পূৱা অশ্বিনী চেতিয়াৰ অকাল মৃত্যুত বাতৰি বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ শিৱসাগৰৰ লগতে জন্মস্থান হাঁহচৰা নপাম চেতিয়া গাঁও । মৃত্যুৰ খৱৰ বিয়পি পৰাৰ পিছতে তেখেতৰ বাসগৃহত উপস্থিত হয়হি মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈ,  ৰাজ্যিক বিজেপিৰ সাধাৰন সম্পাদক ভৱেন্দ্ৰ নাথ মহন, বিজেপিৰ উজনি অসমৰ সাংগঠনীক সচীৱ গীতাৰ্থ গোস্বামী,  শিৱসাগৰ জিলাৰ বিজেপি সভানেত্ৰী সুৰভি ৰাজকুঁমাৰী , বিজেপি নেতা তথা মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ, বিজেপি যুৱ মৰ্চাৰ উপসভাপতি তথা প্ৰাক্তন আটাছু নেতা ময়ুৰ বৰগোঁহাই, আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকাকে ধৰি বহুত দল-সংগঠনৰ স্থানীয় নেতা ।   হাঁহচৰা প্ৰেছ ক্লাব, ৰেডক্ৰচ চচাইটি শিৱসাগৰ জিলা সমিতি, প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনাৰ প্ৰচাৰ আৰু প্ৰসাৰ অভিযানৰ অধিবক্তা বিভাগৰ অসম ৰাজ্যিক সমিতি, ইলোৰা বিজ্ঞান মঞ্চ, সদৌ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ, বৃহত্তৰ অসমীয়া  যুৱ মঞ্চ, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, সংগ্ৰামী যুৱ - ছাত্ৰ পৰিষদ, অসম সংগ্ৰামী মঞ্চ, আদি বিভিন্ন দল- সংগঠনে   নেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

No comments:

Post a comment