সৌমাৰ প্ৰহৰী, শিৱসাগৰ ২০ জুনঃ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টি অন্তৰ্গত নামতি কুকুৰাছোৱা গাঁৱৰ এটি কণমানি, নাম পৰশমনি দত্ত, চতুৰ্থ শ্ৰেনীত পঢ়া কণমাণিটোৱে এতিয়া চাইকেলেৰে ৰাষ্টা-ঘাটে শাক-পাচলি বিক্ৰী কৰি চলাই গৈছে জীৱন সংগ্ৰাম । ২০১৬ চনত গাঁৱৰ ৰাইজৰ দ্বাৰা গণহত্যাৰ বলি হৈছিল পিতৃ নোমল দত্ত। তেতিয়াৰ পৰাই পৰিয়ালটোলৈ নামি আহিছিল ঘোৰ অমানিশা । দুখীয়া হোৱাৰ বাবে ন্যায়ৰ পৰাও বঞ্চিত হৈ ৰ'ল দুৰ্ভগীয়া পৰিয়ালটো । দুৰ্ভগীয়া পিতৃৰ দুৰ্ভগীয়া সন্তান পৰশমনিৰ দায়িত্বত বৰ্তমান এজন বিকলাংগ ককাইয়েক আৰু মাক । লকডাউনে আগত মাক ৰূপালী দত্তই বজাৰত তামোল পাণৰ দোকান দি সন্তান কেইটিৰ সৈতে দুখ কষ্টৰে জীৱন নিৰ্বাহিত কৰিছিল যদিও লকডাউনে বজাৰ সমূহ বন্ধ কৰি ৰখাত বৰ্তমান শিশুটোৱে ৰাষ্টা-ঘাটে শাক-পাচলি বিক্ৰি কৰি পোৱা টকা কেইটাৰে জীয়াই থকাৰ একমাত্ৰ সম্বল। পিতৃহীন কনমানি পৰশমণি মাক আৰু ককায়েকক এমুঠি ভাত যোগাৰ কৰি দিবৰ বাবে ঘৰৰ বাৰীত কূৰ মাৰি বিভিন্ন পাচলি খেতি কৰি তাক ৰাস্তাই-ঘাটে বিক্ৰি কৰি পোৱাৰে টকাৰে চাউল দালি আনি এসাজ খাই এসাজ নোখোৱাকৈ জীয়াই আছে। বৰ্তমান উৱলি যোৱা বেৰ আৰু ফুটা থকা টিনপাতেৰে কোনো মতে মাকৰ আৰু বিশেষ সক্ষম ককায়েকক লৈ পৰশে বিপদ সংকূলভাৱে জীৱন নিৰ্বাহ কৰিছে । এই দুভগীয়া পৰিয়ালটি বিষয়ে বিশেষ ভাৱে জানিব পাৰি আজি সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা যুগল বৰুৱাৰ আহ্বানত মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰন সম্পাদক বিতুল গগৈৰ নেতৃত্বত মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ এটি দল গৈ পৰশমণি দত্তক সহায় হোৱাকৈ এখনি চাইকেলৰ ব্যৱস্থা কৰাৰ লগতে এজোৰ কাপোৰ, কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে । লগতে অতি দূখলগা পৰশমণি পৰিয়ালটি বাবে অসম চৰকাৰ আৰু বিভিন্ন সুহৃদ ব্যক্তিলৈ সহায় বিছাৰি অনুৰোধ জনাইছে স্থানীয় লোকে ।
Saturday, 20 June 2020
Home
Assam News
আঠ বছৰ বয়সতে পৰিয়ালৰ পোহপালৰ দায়িত্ব লোৱা পিতৃহীন শিশু পৰশমণি দত্তলৈ মটক ছাত্ৰ সন্থাৰ সহায়ৰ হাত
আঠ বছৰ বয়সতে পৰিয়ালৰ পোহপালৰ দায়িত্ব লোৱা পিতৃহীন শিশু পৰশমণি দত্তলৈ মটক ছাত্ৰ সন্থাৰ সহায়ৰ হাত
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment