ডিব্ৰুগড়ত মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী বৈঠক - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Sunday, 21 June 2020

ডিব্ৰুগড়ত মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী বৈঠক

সৌমাৰ প্ৰহৰী, ডিব্ৰগড় ২১ জুনঃ উজনি অসমৰ মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা দেওবাৰে মদাৰখাত বি জি ইংলিছ একাডেমিত অনুষ্ঠিত হৈ যায়। সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সুখ্য উপদেষ্টা যুগল বৰুৱাই সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সদস্য লক্ষী গগৈয়ে। উক্ত সভাতে কেন্দ্ৰীয় সমিতিৰ সভাপতি নিৰেণ শইকীয়া আৰু ভাৰপ্ৰাপ্ত সম্পাদক সুলভ জ্যোতি শহকীয়াহ উপস্থিত থাকি ৰাতুল গগৈক সংগঠনটোৰ বলিষ্ঠ নেতৃত্ব দি আগবঢ়াই লৈ যাবলৈ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অপৰ্ণ কৰে। উল্লেখ যে ৰাতুল গগৈয়ে যোৱা ৮ জুনত মটক ছাত্ৰ সন্থাত যোগদান কৰিছিল । যোগদান কৰি অতি কম সময়ৰ ভিতৰত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাত মটক জনগোষ্ঠীৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে অভিনন্দন জনাইছে । আনহাতে উক্ত সভাত মদাৰখাত মৌজাৰ প্ৰায় ৩৫-৪০ জন যুৱক-যুৱতীয়ে আনুষ্ঠানিক ভাৱে সংগঠনটোত যোগদান কৰে ।

No comments:

Post a comment