সৌমাৰ প্ৰহৰী, শিৱসাগৰ ৫ মে’ : নেচনেল মেডিক’জ অৰ্গেনাইজেছন, অসম চমুকৈ এন, এম, অ 'য়ে অহা ১০ মে’ত চিপাহী বিদ্ৰোহ ১৮৫৭ চনৰ স্মৰণত সেৱা ভাৰতী, পূৰ্বাঞ্চলৰ সহযোগত অসমৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰ জিলাৰ ৰজাবাৰীস্থিত স্বৰ্গদেউ চ্যুকাফা মাল্টি স্পিছিয়েলেটি হস্পিটালত ৰক্তধাৰা নামেৰে ৰক্তদান শিৱিৰ আয়োজনৰ প্ৰস্তুতি চলাইছে । এই ৰক্তদান শিৱিৰ ‘ৰক্তধাৰা’ অনুষ্ঠানটো ৰাইজৰ সহায়-সহযোগিতাৰে সফল কৰি তুলাৰ কামনা কৰিছে নেচনেল মেডিকজ’ অৰ্গেনাইজেচন, অসমৰ সচিব ডা° ৰক্তিম প্ৰতীম তামুলীয়ে। ৰাইজৰ অংশগ্ৰহণ আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি 9864746179, আৰু 7002958257 দূৰভাষ নম্বৰ যোগাযোগৰ বাবে ৰাজহুৱা কৰিছে উদ্যোগতা সকলে ।
Tuesday, 5 May 2020
নেচনেল মেডিক’জ অৰ্গেনাইজেছন, সেৱা ভাৰতীৰ ৰক্তদান শিৱিৰৰ আয়োজন
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment