শিৱসাগৰ জিলাত জাৰি হ’ল সান্ধ্য আইন - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Tuesday, 5 May 2020

শিৱসাগৰ জিলাত জাৰি হ’ল সান্ধ্য আইন


সৌমাৰ প্ৰহৰী, শিৱসাগৰ, ৪ মে’: বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে অব্যাহত থকা ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে তৃতীয় পৰ্যায়ৰ তলাবন্ধ সফল ৰূপায়ণ কৰিবলৈ অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্হাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াৰ আদেশ নং এ.এচ.ডি.এম.এ.২৪/২০২০/অংশ-১/৪৩ দিনাংক ০৩ মে ২০২০ অনুসৰি, শিৱসাগৰ জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইন ১৯৭৩ ৰ ধাৰা ১৪৪ অনুসৰি সমগ্ৰ শিৱসাগৰ জিলাত ইংৰাজী ০৪/০৫/২০২০ তাৰিখৰ পৰা ১৭/০৫/২০২০ তাৰিখলৈকে সন্ধিয়া ০৬ বজাৰ পৰা পুৱা ০৬ বজালৈকে কাৰ্যকৰী হোৱাকৈ তলত উল্লেখ কৰা নীতি নিৰ্দেশনাসহ সান্ধ্য আইন জাৰি কৰে । কেৱল জৰুৰী সেৱা যেনে, চিকিৎসা সেৱা, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, টেলিকম আৰু বিদ্যুৎ সেৱাৰ লগত জড়িত ব্যক্তিৰ বাহিৰে অন্য লোকৰ চলাচল বন্ধ থাকিব বুলি জনোৱা হৈছে ৷ উক্ত নিষেধাজ্ঞা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ ৫১ ৰ পৰা ৬০ ধাৰাৰ অধীনত জৰিমনা আৰু শাস্তিৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডিত কৰা হ’ব ।

No comments:

Post a comment