সেনা বাহিনীত কৰ্মৰত জোৱানৰ মৃত্যু - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Wednesday, 6 May 2020

সেনা বাহিনীত কৰ্মৰত জোৱানৰ মৃত্যু


হাঁহচৰাৰ এজন প্ৰতিবেদক, ৫ মে’ :  শিৱসাগৰ জিলাৰ হাঁহচৰা ৰাইলুং চেতিয়া গাঁৱৰ নিবাসী জিমি চেতিয়াৰ কালি সৰ্প দংশনত মৃত্যু হয় । জানিব পৰা মতে যুৱকজনে প্রায় ১২ বছৰ পূৰ্বে সেনা বাহিনীত নিযুক্তি লাভ কৰি বৰ্তমান দিল্লীত কৰ্মৰত অৱস্থাত আছিল । কৰ্তব্যস্থলীতে সৰ্প দংশনত কালি মৃত্যু হয় । মৃত্যুৰ সময়ত জোৱান জনে এগৰাকী পত্নী, এটি কণমানি পুত্ৰ সন্তান আৰু বহু আত্মীয়ক ই-সংসাৰত এৰি থৈ গৈছে । যুৱকজনৰ মৃত্যুত ৰাইলুং চেতিয়া গাঁৱবাসীৰ লগতে হাঁহচৰা প্ৰেছ ক্লাব, হাঁহচৰা ক্ৰিয়া আৰু সাংস্কৃতিক সন্থা, ইলোৰা বিজ্ঞান মঞ্চ, নৰ্থ ইষ্ট পিপুলচ্ ৰাইট আদিকে ধৰি বহু অনুষ্ঠান-প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে । অঞ্চলটোৰ সৰবৰহী যুৱকজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ।

No comments:

Post a comment