সৌমাৰ প্ৰহৰী, শিৱসাগৰ ২৩ মে’: লক্ডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকল যাতে ঘৰতে সোমাই থাকি সৃষ্টিশীল কৰ্মত নিয়োজিত হৈ থাকিব পাৰে সেই মহান উদ্দেশ্য আগত ৰাখি ৰামধেনু ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ উদ্যোগত আৰু শিৱসাগৰ জিলাৰ অন্যতম সাহিত্য-সাংস্কৃতিক গোষ্ঠী এনাজৰীৰ সহযোগত “ভাইৰাছে ত্ৰাসিত কৰা পৃথিৱীখন”ক বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা মাহজোৰা অনলাইন ৰং-তুলিকা, গল্প লিখা আৰু কবিতা লিখা প্ৰতিযোগিতাৰ ফলাফল যোৱা ইং ১৫ মে’ ২০২০ তাৰিখে দিনৰ ২.০০ বজাত প্ৰকাশ কৰা হয় ৷ প্ৰতিযোগিতাৰ বিষয়বস্তু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি বিচাৰ ফলাফল আগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই প্ৰতিযোগিতাৰ বিচাৰকসকল হ’ল ক্ৰমে ৰং তুলিকা প্ৰতিযোগিতাৰ বাবে জয়ন্ত ঢেকিয়াল, নিলোৎপল আৰন্ধৰা আৰু ৰিদিপ বৰুৱা; গল্প লিখা আৰু কবিতা লিখা প্ৰতিযোগিতাৰ বাবে পংকজ শইকীয়া, নিলাঞ্জন মহন্ত আৰু পৰেশ হাতীমূৰীয়া ৷ প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগীসকল হ’ল ক্ৰমে ৰং তুলিকা প্ৰতিযোগিতা - “ক” শাখাত (৫ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈকে) প্ৰথম শ্ৰেষ্ঠ :- দিশামণি গগৈ, দ্বিতীয় শ্ৰেষ্ঠ :- গায়ত্ৰী গগৈ, তৃতীয় শ্ৰেষ্ঠ :- গৌৰৱ চেতিয়া; ৰং-তুলিকা প্ৰতিযোগিতাৰ - “খ” শাখাত ( নৱম শ্ৰেণীৰ পৰা মুকলি )প্ৰথম শ্ৰেষ্ঠ :- হিমাংশু গগৈ, দ্বিতীয় শ্ৰেষ্ঠ :- অম্লানজ্যোতি গগৈ, তৃতীয় শ্ৰেষ্ঠ :- লাকী গগৈ ৷গল্প লিখা প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ গল্প :- “ সংশোধন ” প্ৰতিযোগীৰ নাম :- জয়ন্তজিৎ সন্দিকৈ, দ্বিতীয় শ্ৰেষ্ঠ গল্প :- মৃত্যুদূত প্ৰতিযোগীৰ নাম :- চয়নিকা গগৈ; কবিতা লিখা প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ কবিতা :- কম্পিত পৃথিৱী প্ৰতিযোগীৰ নাম :- অনুষ্কা ফুকন, দ্বিতীয় শ্ৰেষ্ঠ কবিতা :- বিধস্ত পৃথিৱী প্ৰতিযোগীৰ নাম :- ৰূপজ্যোতি বৰগোঁহাই ৷
Saturday, 23 May 2020
Home
Assam News
ভাইৰাছে ত্ৰাসিত কৰা পৃথিৱীক বিষয় হিচাপে লৈ অনুষ্ঠিত কৰা অনলাইন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
ভাইৰাছে ত্ৰাসিত কৰা পৃথিৱীক বিষয় হিচাপে লৈ অনুষ্ঠিত কৰা অনলাইন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
সুন্দৰ
ReplyDelete