মৰাণ ছাত্ৰ সন্থাৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Tuesday, 5 May 2020

মৰাণ ছাত্ৰ সন্থাৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন



সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজ ৫ মে’ ঃ সত্য, নিষ্ঠা আৰু সমতাক আদৰ্শ হিচাপে লৈ ১৯৬৮ চনৰ ৫ মে’ৰ দিনা আত্মপ্ৰকাশ কৰা অসমৰ প্ৰাচীন ভূমিপুত্ৰ মৰাণ জনজাতিৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাই আজি ৫২ টা বৰ্ষ অতিক্ৰম কৰিলে । এই ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসটো সংগঠনটোৰ শাখা, আঞ্চলিক গোট সমূহেও চৰকাৰ তথা স্বাস্থ্য বিভাগে আহ্বান জনোৱা শাৰীৰিক ব্যৱধানৰ নিয়ম মানি নিজ নিজ সংগঠনীক পৰিসৰভূক্ত অঞ্চলত পালন কৰে ।  সম্প্ৰতি লক ডাউনৰ পৰিপ্ৰেক্ষিতত সদৌ মৰাণ ছাত্ৰ সন্থাৰ পূৰ্ব নিৰ্ধাৰিত সিধান্ত অনুসৰি গুৱাহাটীৰ কলাক্ষেত্ৰত দ্বি-বাৰ্ষিক অধিৱেষণৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলগীয়া ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটো অনুষ্টুপীয়াকৈ তিনিচুকীয়া বৰগুৰিস্থিত বদৌচা ভৱন প্ৰাঙ্গনত অৱস্থিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়তে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণে সংগঠনটোৰ পতকা উত্তোলন কৰে আৰু শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক নৱ মৰাণে । প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদক, অসম মৰাণ সভাকে ধৰি মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ বিষয়ববীয়া,মটক ছাত্ৰ সন্মিলনৰ সম্পাদক ধৰণী গোঁহাই,টাই আহোম ছাত্ৰ সন্থাৰ যুতীয়া সম্পাদক মিলন বুঢ়াগোঁহাই,আছুৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সমৰ গোঁহাই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ সৈতে জিলা সমিতিৰ সভাপতি সুৰুজিত মৰাণৰ লগতে আন বিষয়-বিষয়ববীয়া সকল,তিনিচুকীয়া জিলাৰ সংবাদ চ'ৰা সভাপতিৰ লগতে সংবাদ কৰ্মীসকল(ছপা মাধ্যম আৰু ইলেক্ট্ৰনিক মাধ্যম), আটছাৰ বিষয়ববীয়া, গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ,স্থানীয় বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবিন্দৰ লগতে বহুতো সংগঠনটোৰ বহুটো শোভাকাংক্ষী আৰু গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে। ইয়াৰোপৰি প্ৰতিষ্ঠা দিৱসৰস্থলীতে মৰাণ ছাত্ৰ সন্থাৰ নেতা-কৰ্মী সকলে লকডাউনৰ পৰিপ্ৰেক্ষিতত খাদ্য সংকটত ভোগা শতাধিক পৰিয়ালক চাউল,আলু,ডাইল,মিঠাতেল,নিমখ,চাবুন,আটা আদি প্ৰদান কৰে । সন্ধিয়ালৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ,আঞ্চলিক,শাখা সমিতিসমূহৰ কাৰ্যালয় চৌহদত তেলৰ শলিতা জলোৱা হয়। আগন্তুক দিনত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সমন্বয়ৰ আদৰ্শক সাৰোগত কৰি স্ব-গোষ্ঠীৰ সৰ্বাঙ্গীন উন্নয়ণ,বিকাশৰ লক্ষৰে  সমভাৱাপন্ন সকলো জাতি-জনগোষ্ঠীৰ সৈতে একাত্মবোধেৰে হাতত হাত মিলাই  সৰ্বতোদিশতে সম-উন্নয়ণ ,সম-বিকাশ,সম-মৰ্যদাৰে মহা সমন্বয়ৰ সুস্থ-সবল মানৱ জাতি হৈ বসবাস কৰাৰ সংকল্প গ্ৰহণ কৰে ।

No comments:

Post a comment