ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Friday, 15 May 2020

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

সৌমাৰ প্ৰহৰী, শিৱসাগৰ ১৫ মে’: সমাজত বৈজ্ঞানিক মানসিকতা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিয়োজিত ইলোৰা বিজ্ঞান মঞ্চৰ ১৬ তম প্ৰতিষ্ঠা দিৱস আজি হাঁহচৰাতো পালন কৰা হয় । লক ডাউনৰ নীতি-নিয়মৰ প্ৰতি সহাৰি জনাই ইলোৰা বিজ্ঞান মঞ্চৰ শিৱসাগৰ আৰু হাঁহচৰা শাখাৰ উদ্যোগত চেৰেকাপাৰ গাঁও পঞ্চায়তত অনুষ্টুপিয়াকৈ পালন কৰা হয়। ইলোৰা ৰায় চৌধুৰীৰ প্ৰতি শ্ৰদ্ধা জনাই  প্ৰতিচ্চবিত বন্তি প্ৰজল্বন কৰে ভৰত চেতিয়াই । ইলোৰা বিজ্ঞান মঞ্চৰ উদ্দেশ্য সম্পৰ্কত আলোকপাত কৰে শিৱসাগৰ শাখাৰ সম্পাদক ব্ৰজেন ফুকন আৰু হাঁহচৰা শাখাৰ সভাপতি ভৰত চেতিয়াই। চিকিৎসক সকলৰ অধ্যয়ণৰ সুবিধাৰ্থে অসমৰ বিভিন্ন স্থানৰ দৰে শিৱসাগৰ আৰু হাঁহচৰা শাখাৰো ইতিমধ্যে ছয় জন ব্যক্তিয়ে মৰোনোত্তৰ দেহদান কৰিছে আৰু এই শাখা দুটিয়ে বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানসিকতা সৃষ্টিৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মঞ্চৰ তৰফৰ পৰ জানিব দিয়ে। হাঁহচৰা শাখাৰ সভাপতি ভৰত চেতিয়া , সম্পাদক পুনেশ্বৰ চেতিয়া সহকাৰী সম্পাদক দেৱজ্যোতি বৰুৱা চেৰেকাপাৰ পঞ্চায়তৰ সভাপতি পংকজ চেতিয়া, সচিব যতীন চেতিয়া আৰু সংবাদকৰ্মীসকল উপস্থিত থাকে । উপস্থিত সংবাদকৰ্মী আৰু ৰাইজৰ মাজত মঞ্চৰ তৰফৰ পৰা মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় ।

No comments:

Post a comment