তাই আহোমৰ মহিলা সংগঠনমে-নাং-ৰাই, মৌন-ডুন-চুন খাম’ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Sunday, 10 May 2020

তাই আহোমৰ মহিলা সংগঠনমে-নাং-ৰাই, মৌন-ডুন-চুন খাম’ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন


সৌমাৰ প্ৰহৰী, ডিজিটেল ডেক্স ১০ মে’: তাই আহোম জনগোষ্ঠীৰ মহিলা সংগঠন-‘মে-নাং-ৰাই, মৌন-ডুন-চুন খাম’ মহিলা সংগঠনৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি যোৱা কালি ডিব্ৰুগড় জিলাৰ টেঙাখাটত সভাপতি ডঃ হীৰণমনি বুঢ়াগোঁহাইৰ নেতৃত্বত বিশ্বজুৰি কৰণা ভাইৰাছৰ আতংকময় পৰিৱেশৰ মাজতে চৰকাৰে ঘোষণা কৰা সামাজিক ব্যৱধানৰ নীতি-নিয়ম মানি অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শিলিখা, ঠেৰেজু আদি বিভিন্ন প্ৰজাতিৰ বৃক্ষৰোপণ কৰা হয় । ইয়াৰ লগতে লকডাউন মানি নিজ গৃহতে থকা সংগঠনটোৰ বিভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তা সকলে এক ভিডিঅ’ কনফাৰেঞ্চৰ জড়িয়তে প্ৰতিষ্ঠা দিনা আলোচনাতো মিলিত হয় ।  আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙত তাই-আহোমৰ আই-চিং-লাও(প্ৰাৰ্থনা)ৰ সৈতে অনুস্থানটি সামৰণি পৰে ।

No comments:

Post a comment