অগপৰ ছাত্ৰ নেতাৰ দল ত্যাগ - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Sunday, 3 May 2020

অগপৰ ছাত্ৰ নেতাৰ দল ত্যাগ


সৌমাৰ প্ৰহৰী, নিউজ ডেক্স ৩ মে’ : ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদত এতিয়া আৰম্ভ হৈছে দলীয় খহনীয়াৰ । প্ৰতিটো ৰাজনৈতিক দলৰ দৰে অগপ দলেও বহুতো জল্পনা-কল্পনা আৰু দলৰ দুই-এক নেতাৰ বিৰুধৰ পিছতো  বিগত বৰ্ষত জন্ম দিছিল নিজৰ ছাত্ৰ সংগঠন - অসম ছাত্ৰ পৰিষদ । বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক দলতটোত অংশগ্ৰহণ কৰাবলৈও সক্ষম হৈছিল অগপ নেতৃত্ব, ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত দলীয় কৰ্মৰাজিৰ মাজেৰে আঞ্চলিকতাবাদী চিন্তা-চৰ্চা কৰা নৱপ্ৰজন্মৰ মাজতো চৰ্চিত হৈছিল ছাত্ৰ পৰিষদ। কিন্তু শেহতীয়াকৈ অগপৰ ছাত্ৰ সংগঠনটোত খহনীয়াৰ আৰম্ভ হৈছে । আজি ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক শিশিৰ কুমাৰ গগৈয়ে পৰিষদত কেন্দ্ৰীয় নেতৃত্বৰ ব্যক্তিকেন্দ্ৰীক সিদ্ধান্ত চলাৰ অভিযোগ তুলি পদত্যাগ কৰে । সোণাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপসভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি অহা প্ৰাক্তন ছাত্ৰ নেতা শিশিৰ কুমাৰ গগৈয়ে যোৱাটো  বৰ্ষৰ ২১ নৱেম্বৰত অগপৰ ছাত্ৰ পৰিষদত যোগদান কৰিছিল ।

No comments:

Post a comment