জন্মু-কাশ্মিৰত CRPF ৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা, দায়িত্ব স্বীকাৰ অল উমৰ মুজাহিদ্দিনৰ - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Saturday, 18 April 2020

জন্মু-কাশ্মিৰত CRPF ৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা, দায়িত্ব স্বীকাৰ অল উমৰ মুজাহিদ্দিনৰ


সৌমাৰ প্ৰহৰী, নেচনেল ডেক্স ১৮ এপ্ৰিলঃজন্মু-কাশ্মিৰৰ বাৰামূলা জিলাৰ অনন্তনাগত আজি সন্ধিয়া এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ ঘটনা সংঘটিত হয় । সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰত ৩ জনকৈ CRPF ৰ জোৱান স্বহীদ হোৱাৰ লগতে ২ জনকৈ জোৱান আহত হয় । আনহাতে CRPF ৰ জোৱানৰ প্ৰত্যাক্ৰমণত এটা সন্ত্ৰাসবাদী থিতাতে নিহত হয় । নিহত জোৱান সকলৰ ভিতৰত হেড কনিষ্ঠবল ৰজীৱ শৰ্মা, কনিষ্টবল প্ৰেমাৰ শ্বতপাল, কনিষ্টবল চি.বি. বাসৰে আৰু আহত সকলৰ ভিতৰত হেড্ কনিষ্টবল বিশ্বজিৎ ঘোষ, ড্ৰাইভাৰ জাবেদ আহমেদ বুলি জানিব পৰা গৈছে । অল উমৰ মুহাহীদ্দিন নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণৰ ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰে ।  আক্ৰমণ সংঘটিত হোৱাৰ সমগ্ৰ অঞ্চলটো বৰ্তমানে সেনা-চিআৰপিএফৰ এটা বৃহৎ দলে ঘেৰি ৰাখি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

No comments:

Post a comment