ম’বাইল এপ ‘জ্ঞান পাণ্ডা’ই শিক্ষাৰ্থীলৈ কঢ়িয়াই আনিছে ঘৰতে শিক্ষা গ্ৰহণৰ সুযোগ - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Thursday, 9 April 2020

ম’বাইল এপ ‘জ্ঞান পাণ্ডা’ই শিক্ষাৰ্থীলৈ কঢ়িয়াই আনিছে ঘৰতে শিক্ষা গ্ৰহণৰ সুযোগ

সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজ, ৯ এপ্ৰিলঃ বৰ্তমান কʼৰণা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতটো ভয়াবহ মহামাৰীৰ ৰূপ লোৱা সংকতৰ সময়ত ভাৰত চৰকাৰেও দেশত লক ডাউন ঘোষণা কৰি সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ৰখাৰ পৰিপেক্ষিতত ছাত্ৰ-ছাত্ৰীয়ে যাতে বিদ্যালয়ৰ শিক্ষাগ্ৰহন সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে তাৰ বাবে অসমৰ কেইগৰাকীমান উদিয়মান যুৱকৰ প্ৰচেষ্ঠাত আৰম্ভ হোৱা জ্ঞান পাণ্ডা এপে এতিয়া শিক্ষাৰ্থী সকললৰ বাবে কঢ়িয়াই আনিছে শিক্ষাগ্ৰহণৰ সুযোগ। এমাহৰ বাবে সকলো বিষয়ৰ ২ টাকৈ Section ফ্ৰী হিচাপে ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াই দিছে ‘জ্ঞান পাণ্ডা’ এপে । Gyan Panda কি? Gyan Panda হ'ল অসমৰ নতুন শৈক্ষিক Start Up  যাৰ জৰিয়তে শৈক্ষিক ক্ষেত্ৰত কম সুবিধা পোৱা অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলক অতি কম খৰচত Quality Education দিয়াৰ ব্যৱস্হা কৰা হৈছে। ১ জানুৱাৰী, ২০২০ চনৰ পৰা আৰম্ভ কৰা এই এপটোত বৰ্তমান বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি অনলাইনৰ জৰিয়তে ঘৰৰ ম'বাইলতে অভিজ্ঞ শিক্ষকৰ পৰা শিক্ষাগ্ৰহণ কৰি আছে। ইয়াৰ সুবিধাসমূহঃ
১) যিকোনো ঠাইৰপৰা, যিকোনো সময়ত ঘৰৰ ম'বাইলটোতে শিকিব পৰাৰ ব্যৱস্থা।
২) প্ৰতিটো বিষয়তে অভিজ্ঞ শিক্ষকৰ দ্বাৰা স্মাৰ্ট শিক্ষাৰ ব্যৱস্থা।
৩) পঢ়াৰ সময়ত মনত উদয় হোৱা সকলো প্ৰশ্ন শিক্ষকৰপৰা পোনপটিয়াকৈ সুধিব পৰাৰ ব্যৱস্থা।
৪) প্ৰতিটো বিষয়ৰ সম্পূৰ্ণ Syllabus ছটা Section ত সম্পূৰ্ণ কৰাৰ লগতে সকলো সম্ভাৱ্য প্ৰশ্ন উত্তৰ ভিডিঅʼৰ জৰিয়তে আলোচনা কৰি দিয়াৰ ব্যৱস্থা।
৫) শেহতীয়া টেষ্ট পেপাৰৰ সমাধান আৰু আগতে পৰীক্ষাত অহা প্ৰশ্ন উত্তৰৰ আলোচনা।
৬) সময়ে সময়ে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰস্তুতিৰ বুজ লবলৈ Live Test ৰ ব্যৱস্হা ।
৭) ভিডিঅ'ৰ লগতে সকলো দৰকাৰী নোট্ ( Notes ) দিয়াৰ ব্যৱস্থা।
৮) ছাত্ৰ - ছাত্ৰী সকলৰ বাবে Free Demo Videos ৰ ব্যৱস্থা।
৯) Payment, Quality, Technical সকলো ক্ষেত্ৰতে তাৎক্ষনিক সহায়।
১০) ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে কিমান সময় ভিডিঅ' চাইছে, সেয়া জানিব পৰাৰ ব্যৱস্থা।
১১) ধনী - দুখীয়া সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা। শিক্ষাৰ্থী সকলৰ সুবিধা হোৱাকৈ Gyan Panda App টো ডাউনলোড কৰিবলৈ মুকলি কৰা হৈছে ইয়াৰ লিংকঃ
https://play.google.com/store/apps/details?id=com.dpvtechnology.gyanpanda এই লিংকত গৈ এতিয়া শিক্ষাৰ্থী সকলে ঘৰতে থাকি গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ লগতে বিভিন্ন শৈক্ষিক সমস্যা, প্ৰশ্নৰ সমাধানো।

No comments:

Post a comment