সমাজহিতৈষী পুলিন হাজৰিকাৰ সহায়ৰ হাত - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Sunday, 12 April 2020

সমাজহিতৈষী পুলিন হাজৰিকাৰ সহায়ৰ হাত

সৌমাৰ প্ৰহৰী, শিৱসাগৰৰ প্ৰতিবেদক, ১২ এপ্ৰিলঃ ৰাজ্যত লক ডাউন ঘোষণা কৰা পাছৰ পৰাই বহুজনে আৰ্তজনক বিভিন্ন ধৰণেৰে সহায় কৰি আহিছে । শিৱসাগৰ লখীমি নগৰ বাসিন্দা, বাঢ়ৈটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী লাবণ্য বৰা গোহাঁয়ে আৰ্ত জনক যথেষ্ট সংখ্যক সামগ্ৰী বিতৰণ কৰে । এনে বিপদৰ সময়ত পিছ পৰি ৰোৱা নাই “শিৱসাগৰ স্বচ্ছ ভাৰত অভিযানো”। আজি সমগ্ৰ বিশ্বৰে কৰ'না ভাইৰাচৰ কৰাল গ্ৰাসত পৰি নতশিৰ হোৱা উন্নয়নশীল দেশসমূহৰ লগতে  ভাৰততো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা। লকডাউনেই এই মহামাৰীৰ পৰা বাচিব পৰা অন্যতম নিৰ্ভৰযোগ্য উপায় বাবে গোটেই বিশ্বৰ লগতে অসমতো আজি তেনে প্ৰক্ৰিয়া চলি আছে। এই স্থবিৰ প্ৰায় দিনত মানুহে সন্মুখীন হ'বলগিয়া হৈছে বিভিন্ন সমস্যাৰ ।  এনে বাস্তৱিক দৃশ্যৰ সন্মুখীন হৈ “শিৱসাগৰ স্বচ্ছ ভাৰত অভিযান”ৰ  গুৰি ধৰোঁতা, সমাজহিতৈষী তথা “শিৱসাগৰ স্বচ্ছ ভাৰত অভিযান”ৰ ব্ৰেণ্ড এম্বেচাদৰ পুলিন হাজৰিকা আৰু সহযোগীসকল আগবাঢ়ি আহিছে । ইতিমধ্যে বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী সম্পাদন কৰি জনসাধাৰণৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এই অভিযানৰ সদস্যসকলে ৰূপহীমুখ পথলিয়াল গাঁৱত ১২০ ঘৰ, দেৱালয় কৈৱৰ্ত গাঁৱত ৮৫ ঘৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগৰ প্ৰাথমিক শাখাত ৭৬ ঘৰকৈ সমাজৰ সকলো স্তৰৰ মানুহকে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে সংক্ৰমণ প্ৰতিৰোধকো বিতৰণ কৰিছে। এই বিতৰণ অনুষ্ঠানত স্বচ্ছ ভাৰত অভিযানৰ কেইবাজনো সমাজহিতৈষী ব্যক্তিয়ে সহায় সহযোগ আগবঢ়োৱাৰ লগতে কেইবাজনো ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগৰ প্ৰাথমিক শাখাৰ সংগী হোৱাৰ সুবাদত প্ৰাথমিকৰ তৰফৰ পৰা শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ যোগেদি অসম চৰকাৰৰ আৰোগ্য নিধিলৈ কৰ'না ভাইৰাচৰ প্ৰতিৰোধী সংগ্ৰামখনৰ অংশীদাৰ হবলৈ ১০,০০০ (দহহাজাৰ) টকাৰ অনুদান আগবঢ়ায়। লগতে অনাগত দিনতো “শিৱসাগৰ স্বচ্ছ ভাৰত অভিযানে” নিজৰ সাধ্য অনুসৰি প্ৰয়োজনসাপেক্ষে সমাজৰ কামত নিজকে নিয়োজিত কৰি যাব বুলি ব্ৰেণ্ড এম্বেচাদৰ পুলিন হাজৰিকাই জানিবলৈ দিয়ে ।

No comments:

Post a comment