সৌমাৰ প্ৰহৰী, শিৱসাগৰ, ২০ এপ্ৰিল: ভাৰত চৰকাৰে যোৱা ১৫ এপ্ৰিল তাৰিখে জাৰি কৰা এক আদেশ অনুসৰি আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জিলাখনৰ ৰাইজৰ বাবে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে।
এই নিৰ্দেশনা সমূহ হল:
১) ৰাজহুৱা স্থানত মাক্স ব্যৱহাৰ কৰাটো বাধ্যতামূলক।
২) ৰাজহুৱা স্থানত থু-খেকাৰ অথবা পিক পেলোৱাটো দণ্ডনীয় হ'ব ৷
৩) জৰুৰী সেৱা, চিকিৎসাজনিত সেৱা, জীৱ-জন্তু প্ৰতিপালন ও অত্যাৱশ্যকীয় সামগ্ৰী অনা-নিয়াৰ ক্ষেত্ৰত ব্যক্তিগত চাৰিচকীয়া বাহন ব্যৱহাৰত প্ৰশাসনৰ পৰা লাভ কৰা অনুমতিৰ পত্ৰ সাপেক্ষে গাড়ীচালকৰ বাদে অন্য এজনহে যাত্ৰী যাব পাৰিব ৷
৪) দুচকীয়া বাহনৰ ক্ষেত্ৰত কেৱল চালকজনেহে বাহন ব্যৱহাৰ কৰিব পাৰিব লগতে মুকলিকৈ ঘুৰাৰ বাবে প্ৰশাসনৰ পৰা লাভ কৰা অনুমতিৰ পত্ৰ থাকিব লাগিব৷
৫) ৰাজহুৱা স্থানৰ, কৰ্মক্ষেত্ৰৰ আৰু যাতায়ত ব্যৱস্থাৰ দায়িত্বশীল বিষয়াসকলে সামাজিক দূৰত্ব বজাই ৰখাটো নিশ্চিতকৰণ কৰিব লাগিব ৷
৬) মাদক দ্ৰব্য, গুটখা, ধপাতজাতীয় সামগ্ৰী বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে ৷
৭) বিবাহ অনুষ্ঠানৰ সমাবেশ আৰু শ্মশান যাত্ৰাৰ সমাবেশৰ ক্ষেত্ৰত জিলা দণ্ডাধীশৰ অনুমতি সাপেক্ষে নিশ্চিত কৰিব ৷
৮) কোনো সংগঠন অথবা ৰাজহুৱা স্থানৰ পৰিচালক সকলে ৫ জন অথবা তাতোতকৈ বেছি লোকৰ সমাবেশ গ্ৰাহ্য কৰিব নালাগিব৷
৯) ৰাজমিস্ত্ৰী, পানী পাইপ বহুৱা মিস্ত্ৰী, ইলিক্ট্ৰিচিয়ান সকলে নিৰ্ম্মাণ কাৰ্যত সমাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকৰ কাম আৰম্ভ কৰিব পাৰিব ৷
No comments:
Post a comment