নাজিৰাত পঞ্চায়তৰ এককালীন সাহায্য বিতৰণৰ নামত অনিয়ম, এজনক গ্ৰেপ্তাৰ - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Sunday, 19 April 2020

নাজিৰাত পঞ্চায়তৰ এককালীন সাহায্য বিতৰণৰ নামত অনিয়ম, এজনক গ্ৰেপ্তাৰ

সৌমাৰ প্ৰহৰী, শিৱসাগৰ, ১৯ এপ্ৰিল ঃ শিৱসাগৰ জিলাৰ নাজিৰা উন্নয়নখণ্ডৰ অধীনস্থ দুলাকাশৰীয়া গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্যা অৰিফা বেগম আৰু ১০ নং ৱাৰ্ডৰ সদস্য ম‌‌: ছেহিদুল হুচেইনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ বাবে গাঁও পঞ্চায়তে আগবঢ়োৱা এক হাজাৰ টকাৰ এক কালীন সাহায্য বিতৰণত অনিয়ম কৰাৰ এক অভিযোগৰ ভিত্তিত গেলেকী থানাত ২৩/২০ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০ ধাৰা আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ধাৰা ৫৩ অনুসৰি ১০ নং ৱাৰ্ডৰ সদস্য ম‌‌: ছেহিদুল হুচেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু বৰ্তমান এই ক্ষেত্ৰত তদন্ত অব্যাহত আছে আৰক্ষীয়ে ।

No comments:

Post a comment