হাঁহচৰাৰ যুৱক সমাজৰ দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Tuesday, 7 April 2020

হাঁহচৰাৰ যুৱক সমাজৰ দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত



হাঁহচৰাৰ প্ৰতিবেদক, ৭ এপ্ৰিলঃ বিশ্বত সম্প্ৰতি এতিয়া সংহাৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে । এই ভাইৰাছক প্ৰতিহত কৰিবলৈ সমগ্ৰ দেশতে ঘোষিত হ'ল লকডাউন । লকডাউনৰ সময়ছোৱাত এতিয়া দুৰ্বিসহ তথা খাদ্য সামগ্ৰীৰ অভাৱ-অনাটনেৰে জীৱন কটাইছে দৰিদ্ৰ পৰিয়াল সমূহে । শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে হাঁহচৰা অঞ্চলৰ যুৱক তথা ছাত্ৰ নেতা ভাস্কৰ গগৈৰ লগতে সুমন গগৈ, সুমন ঠাকুৰ, সংবাদ কৰ্মী পাৰ্থপ্ৰতিম বৰুৱা, ক্ষুদ্ৰ ব্যৱসায়ী দেৱপ্ৰতিম বৰুৱা, অধিবক্তা, সাংবাদিক তথা বেচৰকাৰী সংস্থা নৰ্থ ইষ্ট পিপুলচ ৰাইটৰ সভাপতি জ্যোতি বৰুৱাই ।  সমাজৰ বিভিন্ন সা-সুবিধাই হততে ঢুকি নোপোৱা দিন হাজিৰা কৰি খোৱা আৰু দৰিদ্ৰ লোকসকলক এই সংকটকালীন সময়ত খাদ্যসামগ্ৰী প্ৰদান কৰি সহায়ৰ হাত আগবঢ়োৱা পদক্ষেপক অঞ্চলটোৰ  সচেতন ৰাইজে প্ৰশংসা কৰিছে । লকডাউনৰ সময়ছোৱাত খাদ্যসামগ্ৰী হিচাপে আলু, দাইল, নিমখ, মিঠাতেল, চাবোন, বিস্কুটকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী এই সংকটময় অৱস্থাত আগবঢ়োৱাত দিন হাজিৰা কৰি খোৱা লগতে দৰিদ্ৰ পৰিয়ালকেইটিক নিশ্চিতভাৱে অলপ হ’লেও সকাহ দিব ।

1 comment:

  1. ভাল লাগিল । আপোনাৰ সংবাদ মাধ্যমলৈ মোৰ বহুতো শুভকামনা থাকিল ।

    ReplyDelete