হাঁহচৰাত অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক নাটনি - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Wednesday, 8 April 2020

হাঁহচৰাত অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক নাটনি

হাঁহচৰাৰ প্ৰতিবেদক, ৮ মাৰ্চ: সমগ্ৰ দেশতে লকডাউন চলি থকা সময়ত হাঁহচৰাত অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক নাটনিৰ সৃষ্টি হৈছে । যাৰ ফলত জনসাধাৰণে ভুগিব লগীয়া হৈছে ব্যাপক খাদ্য সংকটত । শিৱসাগৰ জিলা প্ৰশাসনে নিৰ্দ্দিষ্ট কৰি দিয়া একাংশ পাইকাৰী দোকানৰ জৰিয়তে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহ দোকানে দোকানে যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কাৰ্যক্ষেত্ৰত ই বৰ্তমানলৈকে জনসাধাৰন উপকৃত হোৱা নাই । ফলত গ্ৰাম্যাঞ্চলৰ দোকানসমূহত মজুত থকা সামগ্ৰীসমূহৰ ভাণ্ডাৰ শেষ হৈ অহাত বৰ্তমানে জনসাধাৰণ জীয়াই থাকিবৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বিচাৰিও হাবাথুৰি খাব লগা হৈছে । প্ৰশাসনে নগৰৰ দৰে গ্ৰাম্যাঞ্চলতো কিছু দোকানৰ জৰিয়তে ৰাইজৰ মাজত দিব পৰাৰ ব্যৱস্থা নকৰিলে ৰাইজ তীব্ৰ সমস্যাৰ সন্মুখীন হ’ব । এই দোকান সমূহক খাদ্য-সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি জন-সাধাৰণৰ খাদ্য সংকট নাইকীয়া কৰিবৰ বাবে এতিয়া চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে সচেতন ৰাইজে ।

No comments:

Post a comment