সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজ ২৯ এপ্ৰিলঃ কৰো’না মহামাৰীৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া দেখা দিছে তীব্ৰ বিত্তীয় সংকটে । ইয়াৰ বাবে প্ৰধানত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে লিবাৰেল ডেমক্ৰেত্ৰিক পাৰ্টি, চুমুকৈ এল.ডি.য়ে । দলটোৰ মিডিয়া কোষৰ ৰাজ্যিক সাধাৰন সম্পাদক পাৰ্থপ্ৰতিম বেজবৰুৱাই আজি এক প্ৰেছ বিজ্ঞপ্তিত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, কৰো’না মহামাৰীৰ ফলত ৰাজ্যত উদ্ভৱ হোৱা বিত্তীয় সংকটৰ পৰা হাত সাৰিবলৈ চৰকাৰে অতি শীঘ্ৰেই কেতবোৰ ব্যয় সংকোচনৰ ব্যবস্থা হিচাপে নতুন নিযুক্তি প্রক্রিয়া স্থগিত ৰাখিব বুলি সদৰি কৰে ৰাজ্যৰ বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই । চৰকাৰৰ অমিতব্যয়ী স্বভাৱৰ বাবেই বর্তমান সময়ত এনে বিত্তীয় সংকটৰ সন্মুখীন হোৱাত তাৰ কু-ফল জনসাধাৰণক ভোগ কৰিবলৈ বাধ্য কৰোৱা বিত্ত বিভাগৰ এই সিদ্ধান্ত অতিশয় দুর্ভাগ্যজনক । যোৱা ইংৰাজী ২৪ মার্চ তাৰিখে কৰো'না মহামাৰীৰ ফলত ৰাজ্যৰ বিত্ত বিভাগ বিত্তীয় সংকটৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শর্মাই বিধান সভাৰ মজিয়াত কৈছিল, “মোৰ হাতত দৰমহা দিয়াৰ টকা কেইটাহে আছে। লক্ ডাউন আৰু বাঢ়িলে কি হ'ব? মোৰ হাতত উত্তৰ নাই।” বিত্ত বিভাগৰ এনে চৰম দুৰৱস্থাৰ কথা স্বীকাৰ কৰাৰ পাছতো খোদ বিত্তমন্ত্রীজনকে ৰাজকোষৰ ধন ব্যৱহাৰৰ ক্ষেত্রত মিতব্যয়ী হোৱা দেখা নগ'ল । তাৰ পৰিৱৰ্তে প্রচাৰমুখী কামৰ যোগেদি বাহঃ বাহঃ বুটলিবলৈ লাখ লাখ টকা খৰচ কৰি চাটার্ড বিমানেৰে যাত্রা কৰি বহু টকাৰ অপচয়হে কৰিলে । ইয়াৰ উপৰিও চীনৰ পৰা কোটি টকা খৰচ কৰি বিসংগতিপূর্ণ পি পি ই কিট আমদানি কৰা কাণ্ডয়ো ৰাজ্যৰ বিত্ত বিভাগত মোক্ষম আঘাট হানিলে । কৰো’নাৰ ভাইৰাছ মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা ৰোগীক সম্বর্ধনা জনাবলৈ লক্ষিমপুৰ, ডিব্ৰুগড়, শিলচৰ আদিৰ হস্পিটেললৈ চাটার্ড বিমানেৰে যাত্রা কৰি বিভাগীয় মন্ত্রীয়ে সম্বর্ধনা জনোৱা ঘটনা কেৱল মাত্র ৰাজনৈতিক প্রচাৰৰ বাহিৰে আন একো নহয় । বর্তমানৰ শাসনাধিষ্ঠিত চৰকাৰৰ কার্যকালৰ শেষৰখন বাজেটত ৰাজ্যৰ ৫৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে কর্মসংস্থাপনৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰাৰ পাছতে নতুন আশাৰ ৰেঙনি দেখা পাইছিল ২৫ লক্ষাধিক নিবনুৱা যুৱক যুৱতীয়ে । কিন্তু কৰো’না মহামাৰীৰ ফলত নিতৌ বেচৰকাৰী প্রতিস্থানৰ কর্মসংস্থাপন হেৰুৱাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে নতুন নিযুক্তি স্থগিত ৰখাৰ কথা ঘোষণা কৰা লগে লগে হতাশাত ভুগিছে ৰাজ্যবাসী । চৰকাৰৰ কৃতকর্মৰ ফল জনতাই ভুগিব লগা হোৱা এই ঘটনাৰ সমালোচনা কৰি একেটা প্ৰেছ বিজ্ঞপ্তিত লিবাৰেল ডেমক্রেটিক পাৰ্টীৰ সভাপতি গুণ গগৈয়ে কয়, “চাটাড প্লেন দৌৰাই ৰাজকোষৰ ধন অপচয় কৰা এই চৰকাৰৰ কোনো নৈতিক অধিকাৰ নাই ব্যয় সংকোচনৰ কথা কোৱাৰ | এটা মাহৰ লকডাউনতে তেওঁলোকৰ বিকশিত অসমৰ নগ্ন স্বৰূপ ওলাই পৰিছে | এয়াই নেকি সবকা সাথ সবকা বিকাশ?” দলটোৰ সাধাৰণ সম্পাদক পার্থ প্রতীম বেজবৰুৱাই কাকতলৈ প্রেৰণ কৰা এক প্রেছ বিজ্ঞপ্তিত কয়, “বিকশিত অসম কেৱল মাত্র ভোটাৰক আকৃষ্ট কৰিবলৈ ব্যৱহাৰ কৰা সপোন । এক মাহৰ লক ডাউনে বিত্ত বিভাগক ধোঁৱা-কোঁৱা দেখুৱাই ইয়াৰ বাস্তৱ ৰূপটো জনসাধাৰণৰ সন্মুখত উন্মোচিত কৰিলে । চৰকাৰে নিজৰ দোষ ঢাকিবলৈ যিয়েই নকওক লাগে, সূর্যৰ মুখত সোপা দি ৰাখিব কিমান দিন?” এল.ডি.পিৰ এনে প্ৰতিক্ৰিয়াৰ পিছত ৰাজ্যৰ বিত্তমন্ত্ৰীৰ ভূমিকা কি হয় নিশ্চিতভাৱে সেইয়া লক্ষনীয় হ’ব ।
Tuesday, 28 April 2020
এমাহৰ লক ডাউনেই উন্মোচিত কৰিলে বিত্ত বিভাগৰ বাস্তৱ ৰূপঃ এল.ডি.পি
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment