অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শিৱসাগৰ কাৰ্যালয়ৰ বিশেষ পদক্ষেপ, আত্মসহায়ক গোটৰ দ্বাৰা নিৰ্মিত কৰ'না প্ৰতিৰোধী মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Thursday, 30 April 2020

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শিৱসাগৰ কাৰ্যালয়ৰ বিশেষ পদক্ষেপ, আত্মসহায়ক গোটৰ দ্বাৰা নিৰ্মিত কৰ'না প্ৰতিৰোধী মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি

সৌমাৰ প্ৰহৰী, শিৱসাগৰ ৩০ এপ্ৰিলঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনস্থ শিৱসাগৰ জিলা প্ৰকল্প প্ৰবন্ধন গোটৰ তত্ত্বাৱধানত, ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, জয়সাগৰ কেন্দ্ৰৰ সহযোগত তথা জিলাখনৰ পাঁচটা উন্নয়ন খণ্ডক সামৰি বৃহস্পতি বাৰে দিনৰ ১১ বজাত শিৱসাগৰ প্ৰধান ডাকঘৰৰ সমীপৰ  অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শিৱসাগৰৰ কাৰ্যালয় প্ৰাঙ্গনত  আত্মসহায়ক গোটৰ দ্বাৰা নিৰ্মিত কৰ'না প্ৰতিৰোধী মাক্স (মুখা) বিক্ৰীৰ কেন্দ্ৰ "অসমী"ৰ শুভাৰম্ভনি কৰে। বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে। উক্ত অনুষ্ঠানত শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শেৱালি বৰদলৈ, ৰাজ্যিক পঞ্চায়ত আৰু গামোন্নয়ণ প্ৰতিষ্ঠান , জয়সাগৰ সম্প্ৰসাৰণ কেন্দ্ৰৰ অধ্যক্ষ নেকিব শইকীয়া, শিৱসাগৰ জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া চৈয়দা হাচনা হানা, শিৱসাগৰ জিলা প্ৰকল্প প্ৰবন্ধন বিষয়া ড° সুৰজ গগৈৰ লগতে বহু বিশিষ্ট ব্যক্তি  উপস্থিত থাকে।  ইপিনে ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠানৰ প্ৰকল্প সহায়ক প্ৰমোদ বৰগোহায়ে জানিব দিয়ে যে অসমী নামৰ এই বিপণীৰ সমান্তৰালভাৱে আত্মসহায়ক গোটৰ দ্বাৰা থলুৱাভাৱে উৎপাদিত বিভিন্ন শাক পাচলি
আদিও ৰাইজৰ বাবে উপলব্ধ হ’ব।

1 comment: