সৌমাৰ প্ৰহৰী, ডিজিটেল ডেক্স, ২৯ এপ্ৰিলঃ সদৌ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতুল গগৈয়ে আজি কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত নিজ বাসভৱনতেই মুণ্ডন কায্যসূচী ৰূপায়ন কৰে । এক প্ৰেছ বিবৃতিৰ জড়িয়তে মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুল গগৈয়ে কয় যে, “অসমৰ জনসাধৰণৰ তথা জাতীয় সত্বাক সন্মুখৰ পৰা বলিষ্ট নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক চৰকাৰে চলে-বলে, কৌশলে হত্যা কৰিব বিচাৰিছে । বিজেপি চৰকাৰৰ শাসনত ইটোৰ পাছত সিটো মনে সজা গোচৰ তৰি গগৈক জেলৰ ভিতৰতেই নিঃশেষ কৰা চক্ৰান্তত লিপ্ত হৈছে । নহলেনো কিয় অখিল গগৈৈক জামিন মঞ্ছুৰ কৰা হোৱা নাই” আজিৰ মুণ্ডন কৰ্যসূচীৰ জড়িয়তে এই প্ৰশ্ন উত্থাপন কৰে মটক ছাত্ৰ নেতা বিতুল গগৈয়ে ।
Tuesday, 28 April 2020
অখিল গগৈৰ মুক্তিৰ দাবীত মুণ্ডন
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment