সৌমাৰপ্ৰহৰী, নিউজ ডেক্স নিউজ ২৫ এপ্ৰিল ঃ বৰ্ষীয়ান ৰাজনীতিবিদ তথা থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক, বিহাৰ, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল, অসম চৰকাৰৰ প্ৰাক্তন বিত্ত, শক্তি, ৰাজহ আৰু আইনৰ মন্ত্ৰী দেৱানন্দ কোঁৱৰে আজি পূৱা গুৱাহাটীৰ ৰূক্মিনীনগৰৰ নিজা বাসভৱনত ইহলিলা সম্বৰন কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ । ঐতিহ্যমণ্ডিত কটন কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা দেৱানন্দ কোঁৱৰ এগৰাকী মেধাৱী আৰু বিদ্বান লোক হিচাপে বিশেষভাৱে পৰিচিত আছিল । গুৱাহাটী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ কোঁৱৰে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তাও আছিল । ১৯৫৫ চনত ছাত্ৰাৱস্থাতে কংগ্ৰেছ দলত যোগদান কৰা কোঁৱৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদক থকাৰ উপৰি ১৯৯১ চনত হিতেশ্বৰ শইকীয়া চৰকাৰৰ কেবিনেট মন্ত্ৰীও আছিল । তেখেতৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিৰুধী দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাজনৈতিক দল-সংগঠনে দুখপ্ৰকাশ কৰে ।
Saturday, 25 April 2020
প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ দেহাৱসান
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment