লকডাউনৰ মাজত পাচলিভৰ্তি গাড়ীয়ে ক’ত সৃষ্টি কৰিলে চাঞ্চল্যৰ? - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Friday, 24 April 2020

লকডাউনৰ মাজত পাচলিভৰ্তি গাড়ীয়ে ক’ত সৃষ্টি কৰিলে চাঞ্চল্যৰ?



সৌমাৰ প্ৰহৰী, নিউজ জেক্স নিউজ ২৪ এপ্ৰিল ঃৰাজ্য চৰকাৰে জনসাধাৰণৰ খাদ্য সামগ্ৰী আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বিতৰণৰ বিষয়ে চিন্তা কৰি এই লকডাউনৰ সময়ত নীতি-নিয়ম মানি চলি নিৰ্দিষ্ট কৰি দিয়া গাড়ীকহে নিজ নিজ জিলা প্ৰশাসন আৰু ঠায়ে ঠায়ে মহকুমা প্ৰশাসনে অনুমতি পত্ৰ প্ৰদান কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৰপেটা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা অনুমতি পত্ৰ লাভ কৰা এ এছ ১৫ চি ৭২৬৫ বলেৰ' পিক আপ ভেনত খাৰুপেটীয়াৰ শাক-পাচলি লৈ দুজন লোক কালি ৰাতি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ বিহুবৰত উপস্থিত হয়। গাড়ীখনৰ গতিবিধি লক্ষ্য কৰি স্থানীয় লোকে লগে লগে নাজিৰাৰ এগৰাকী দণ্ডাধীশক অৱগত কৰে আৰু তেওঁৰ নিৰ্দেশ মৰ্মে উক্ত স্থানত বিহুবৰ থানাৰ আৰক্ষী উপস্থিত হৈ শাক পাচলিৰ গাড়ীখনে বিহুবৰ যিজন লোকক সেই পাচলি সমূহ হস্তান্তৰ কৰিবলৈ আহিছিল তেওঁৰ অনুজ্ঞাপত্ৰ নথকাত উক্ত গাড়ীখন জব্দ কৰি যোগান বিভাগক চমজাই দিয়াৰ পৰিবৰ্তে পাচলি গাড়ীখন বিহুবৰ পৰা ওভতাই পঠাই দিয়াত হাঁহচৰাত পুনৰ আন এক পৰিস্থিতিৰ সৃষ্টি হয়। কালি ৰাতি প্ৰায় ৯-৩০ বজাত উক্ত বাহনখন আহি চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাঁহচৰা চাংমাই গাঁৱৰ এটা পেট্ৰল ডিপোৰ কাষত গাড়ীখনে অৱস্থান কৰে আৰু সেই সময়তে শিৱসাগৰ-নাজিৰা পথেদি আহি থকা এজন সচেতন লোকে গাড়ীখনৰ সন্দেহজনক অৱস্থিতি লক্ষ্য কৰি চালক চহিদুল ভূঞা আৰু হেণ্ডিমেন আবুল কালামক সোধ-পোছ কৰে। ইয়াৰ লগে লগে পেট্ৰল ডিপোৰ মেনেজাৰ জনে স্থানীয় গাঁওৰক্ষী বাহিনীৰ লগতে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত চেৰেকপাৰ আৰক্ষী উপস্থিত হৈ উক্ত গাড়ীখনৰ লগতে লোক দুজনক থানালৈ নিয়ে। আজি পুৱা এজন সতীৰ্থ সহ এই সংবাদকৰ্মী যেতিয়া আৰক্ষী চকীত উপস্থিত হৈ গাড়ীখনৰ সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়া জনৰ পৰা সবিশেষ জানিব বিচাৰে। তেতিয়া কিন্তু আৰক্ষী বিষয়া জনে উক্ত পাচলিৰ গাড়ীসমূহ জব্দ কৰাৰ কোনো নিৰ্দেশ আৰক্ষীলৈ অহা নাই বুলি কোৱাৰ উপৰিও ওলোটাই সংবাদকৰ্মীদ্বয়ক এই বিষয়ে কি লিখিত তথ্য আছে সেইয়া জানিব বিচাৰে। যি সময়ত অসমৰ পাঁচখন কৈ জিলা ৰেড জ'নৰ অধীন কৰা হৈছে আৰু তেনে জিলাৰ সীমা ছীল কৰা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে। সেই সময়তে তেনে জিলাৰ পৰা শাক পাচলি কঢ়িয়াই আনি ৪ শ কিলোমিটাৰ বাট অতিক্ৰমী শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ বিহুবৰত উপস্থিত হোৱাত ৰহস্যৰ সৃষ্টি হৈছে ।

No comments:

Post a comment