২১ এপ্ৰিলৰ পৰা খোলা হ’ব চৰকাৰী কাৰ্যালয়, শিৱসাগৰত নীতি-নিৰ্দেশনা মানি কাৰ্যালয় পৰিচালনাৰ নিৰ্দেশ জাৰি উপায়ুক্তৰ - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Monday, 20 April 2020

২১ এপ্ৰিলৰ পৰা খোলা হ’ব চৰকাৰী কাৰ্যালয়, শিৱসাগৰত নীতি-নিৰ্দেশনা মানি কাৰ্যালয় পৰিচালনাৰ নিৰ্দেশ জাৰি উপায়ুক্তৰ


সৌমাৰ প্ৰহৰী, শিৱসাগৰ, ২০ এপ্ৰিলঃ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা যোৱা ১৫ এপ্ৰিল তাৰিখে জাৰি কৰা আদেশ মৰ্মে অসম চৰকাৰৰ অধীনস্থ কাৰ্যালয়সমূহ অহা ২১ এপ্ৰিলৰ পৰা খোলাৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি জাৰি কৰা এক আদেশ মৰ্মে অসম চৰকাৰৰ অধীনস্থ শিৱসাগৰ জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী বিষয়া সকলক কেতবোৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলি কাৰ্যালয় পৰিচালনা কৰাৰ নিৰ্দেশ প্ৰদান কৰে। কাৰ্যালয় পৰিচালনা কৰাৰ বাবে নিৰ্ধাৰণ কৰা নীতি-নিৰ্দেশনাসমূহ হলঃ 
১) সকলো কৰ্মচাৰীয়ে মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক।
২) কাৰ্যালয়ত সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক।
৩) কাৰ্যালয়ৰ প্ৰৱেশ পথ, প্ৰস্থান পথ আৰু যিকোনো সুবিধাজনক ঠাইত হাত ধোৱাৰ ব্যৱস্থা ৰখাটো বাধ্যতামূলক।
৪) কাৰ্যালয়ৰ কোঠা আৰু চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব লাগিব।
৫) সমূহীয়াকৈ গোট খোৱাৰ পৰা বিৰত থাকিব লাগিব। কৰ্মচাৰী বহাৰ ক্ষেত্ৰত অতি কমেও ৬ ফুটৰ ব্যৱধান ৰাখিব লাগিব।
৬) কৰ্মস্থানত কৰ্মচাৰীসকলে সলনাসলনিকৈ টিফিন গ্ৰহণ কৰিব লাগিব।
৭) মাদক দ্ৰব্য, গোটখা বা যিকোনো ৰাগীয়াল বস্তুৰ পৰা বিৰত থাকিব লাগিব।
৮) অপ্ৰয়োজনীয় কাৰণত যিকোনো ব্যক্তি কাৰ্যালয়ত প্ৰৱেশত বাধা আৰোপ কৰিব লাগিব।
৯) ক'ভিড-১৯ চিকিৎসা কৰা চিকিৎসালয়ৰ তালিকা চিনাক্ত কৰি তাৰ প্ৰতিলিপি কাৰ্য্যালয়ত ৰাখিব লাগিব।

No comments:

Post a comment