৩ মে’ পৰ্যন্ত বন্ধ থাকিব ৰাজ্য, দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ ব্যৱস্থাৱলী ঘোষণা - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Sunday, 19 April 2020

৩ মে’ পৰ্যন্ত বন্ধ থাকিব ৰাজ্য, দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ ব্যৱস্থাৱলী ঘোষণা

সৌমাৰ প্ৰহৰী, ডিজিটেল ডেক্সঃ কৰো’ণা মহামাৰিৰ বাবে ৩ মে' ২০২০ পৰ্যন্ত বন্ধ থাকিব ৰাজ্য । অৱশ্যে কিছুমান বিশেষ সেৱা মুকলি কৰাৰ সিদ্ধান্ত চৰকাৰৰ । দ্বিতীয় পৰ্যায়ৰ লক্ ডাউনৰ ব্যৱস্থাৱলী সমূহ এনেধৰণৰ - 

১/ বিমান, ৰে'ল আৰু বাছেৰে ভ্ৰমণ,

২/ চিকিৎসা বা অন্যান্য অনুমোদিত কাৰ্যৰ বাদে সকলো আন্তঃজিলা আৰু আন্তঃৰাজ্যিক যাতায়ত,

৩/ শিক্ষা প্ৰতিষ্ঠান,

৪/ অনুমতিপ্ৰাপ্তসমূহ বাদে সকলো ঔদ্যোগিক আৰু বাণিজ্যিক প্রতিষ্ঠান,

৫/ টেক্সি, ৰিক্সা আৰু অট ৰিক্সা আদি

৬/ চিনেমা হল, মল, শ্বপিং মল, কমপ্লেক্স, ব্যায়ামগাৰ, বাৰ, প্ৰেক্ষাগৃহ আদি

৭/ সকলো ধৰ্মীয় অনুষ্ঠান

২০ এপ্ৰিল ২০২০ ৰ পৰা অনুমোদিত কাৰ্যাৱলীঃ - 

১/ সকলো চিকিৎসাজনিত সেৱা,

২/ কৃষি, মৎস্য উৎপাদন, বৃক্ষৰোপন আৰু পশু চিকিৎসা,

৩/ কৃষিজনিত সৰঞ্জামৰ দোকান,

৪/ সাৰ, কীটনাশক আৰু বীজ বিক্ৰয় প্ৰতিষ্ঠান,

৫/ বেংক আৰু বীমা প্ৰতিষ্ঠান,

৬/ এম জি এনৰেগাৰ কাম কাজ,

৭/ শক্তি,

৮/ তেল আৰু প্ৰাকৃতিক গেছ,

৯/ ডাক আৰু কুৰিয়াৰ সেৱা,

১০/ দূৰসংযোগ, ডি টি এইছ, কেবল সেৱা,

১১/ পণ্য কঢ়িওৱা বাহন (ট্ৰাকত ২ জন চালক আৰু এজন হেণ্ডিমেন থাকিব পাৰিব)

১২/ সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, ই-বাণিজ্য (এমাজন, ফ্লিপকাৰ্ট ইত্যাদি)

১৩/ ইটাভাটাকে ধৰি গ্ৰাম্য উদ্যোগ,

১৪/ কয়লা উদ্যোগ,

১৫/ নিৰ্মাণ কাৰ্য,

১৬/ ব্যক্তিগত সুৰক্ষা সেৱাসমূহ,

১৭/ জৰুৰী সেৱা আৰু সামগ্ৰী সৰবৰাহৰ বাবে অনুমতিপ্ৰাপ্ত যান-বাহন ( ৪ চকীয়া চালক আৰু অন্য এজন ব্যক্তি পিছৰ চিটত, ২ চকীয়া বাহন-কেৱল আৰোহীগৰাকী)

১৮/ কাৰ্যালয়লৈ যোৱা ব্যক্তিসকল, লগতে সকলো ব্যক্তিয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু সুৰা, গুট্খা, ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰে  ।

No comments:

Post a comment