সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজ ১৮ এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাত বাতৰি যোগান ধৰি দিনে নিশাই ব্যস্ত থাকি অৱশেষত নিজেই চিকিৎসাধীন হ’ব লগা আমাৰ অসম কাকতৰ শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গগৈ । যোৱা ১৬ এপ্ৰিলৰ ৰাতিপুৱা হঠাৎ মনোজ গগৈৰ স্বাস্থ্য অৱনতি ঘটাত তেওঁৰ ঘনিষ্ঠ বন্ধু এজনক খবৰ দিয়াত তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়াত ডাঃ চৌকত হুছেইনে দুটাকৈ চেলাইন দি তেওঁক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হ’বৰ বাবে পৰামৰ্শ দিয়ে। কিন্তু মনোজ গগৈয়ে স্বাস্থ্য ভাল লগা দেখি ঘৰলৈ আহে যদিও পুনৰ তেওঁৰ স্বাস্থ্য অৱনতি ঘটাত সতীৰ্থ সাংবাদিকে তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইতিমধ্যে তেওঁৰ স্বাস্থ্যৰ বুজ লৈছে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু জিলা উন্নয়ন আয়ুক্ত আজহাৰ আলি লগতে শিৱসাগৰ জিলাৰ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থাকে । তাৎক্ষণিক উদ্যোগ গ্ৰহণ কৰি তথ্য আৰু জনসংযোগ সঞ্চালক অনুপম চৌধুৰীয়ে আজি ২৫,০০০ টকাৰ আৰ্থিক সাহাৰ্য অনুমোদন কৰে । এই ধন সাংবাদিক মনোজ গগৈৰ বেংক একাউণ্ট যোগে জমা কৰোৱা হ’ব বুলি তেওঁ সদৰি কৰে । মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে জনসংযোগ বিভাগৰ সঞ্চালক গৰাকীৰ সৈতে হোৱা এক আলোচনা কালত তেওঁৰ পৰা সাংবাদিক গগৈৰ স্বাস্থ্যৰ বুজ লয় আৰু আশু আৰোগ্য কামনা কৰে । শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে সাংবাদিক মনোজ কুমাৰ গগৈ পৰিয়ালটি আৰ্থিক অৱস্থা লৈ চাই দয়া কৰি তেখেতৰ চিকিৎসা ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনায় । লগতে মনোজ কুমাৰ গগৈৰ আশু আযোগ্য কামনা জনাইছে শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘ,শিৱসাগৰ প্ৰেছ ক্লাৱ,হাঁহচৰা প্ৰেছ ক্লাৱৰ লগতে শিৱসাগৰৰ বিভিন্ন অনুষ্ঠানে ।
Saturday, 18 April 2020
Home
Assam News
সাংবাদিক মনোজ কুমাৰ গগৈ চিকিৎসাধীন, গগৈৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য তথ্য আৰু জনসংযোগ সঞ্চালকৰ
সাংবাদিক মনোজ কুমাৰ গগৈ চিকিৎসাধীন, গগৈৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য তথ্য আৰু জনসংযোগ সঞ্চালকৰ
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment