সৌমাৰ প্ৰহৰী, নিউজ ডেক্স নিউজ, ১৭ এপ্ৰিলঃ সদৌ অসম আহোম মহিলা সংগঠন, মে নাং ৰাই মৌং ডুন ছুন খামৰ আশীৰ উৰ্ধৰ প্ৰতিস্থাপক সভানেত্ৰী নাং হেমলতা বৰগোহাঁই, সভানেত্ৰী ডঃ হিৰণমণি বৰগোহাঁই গগৈ, সম্পাদিকা নাং নিজু কোঁৱৰে এক প্ৰেছ বিজ্ঞপ্তীৰ যোগে জনাই যে, বৰ্তমান ৰাজ্যৰ লগতে সমগ্ৰ দেশ আৰু বিশ্বত Covid-19 মহামাৰিৰ এই সংকটকালত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে অসম চৰকাৰে প্ৰসিদ্ধ সমাজ সেৱক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা শ্ৰীযুত অখিল গগৈক এটাৰ পিছত এটাকৈ নতুন গোচৰত গ্ৰেপ্তাৰ কৰি ৰখাৰ বাবে আশ্চৰ্য্য প্ৰকাশ কৰিছে । যি সংকটপূৰ্ণ সময়ত ভাৰতবৰ্ষতে অভিযুক্ত সকলক কাৰামুক্ত কৰি দিছে, তেনে সময়ত এজন NIA গোচৰৰ মুক্ত প্ৰমাণ হোৱাৰ পিছতো পুনৰ অভিযোগনামা দাখিল কৰি কাৰাগাৰত বন্দী কৰাটো অগণতান্ত্ৰিক, অন্যায়, অমানৱীয় আৰু অক্ষমণীয় বুলি চিহ্নিত কৰিছে । গতিকে বিশ্বৰ মানৱ জাতিৰ এই সংকটপূৰ্ণ মুহূৰ্তত নিৰৱচ্ছিনভাৱে দেশ আৰু জাতিৰ বাবে উৎসৰ্গিত এটা সত্তা, বৰ্তমান ৰোগগ্ৰস্ত শ্ৰীযুত অখিল গগৈক তাৎক্ষণিকভাৱে মুক্তি দিবলৈ দাবী জনাই যাতে তেখেতে তেখেতৰ পৰিয়াল আৰু মাতৃৰ কাষত এই মুহূৰ্তত থিয় হব পাৰে ।
Friday, 17 April 2020
অখিল গগৈৰ মুক্তিৰ দাবী তাই আহোম মহিলা সংগঠনৰ
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment