সৌমাৰ প্ৰহৰী, হাঁহচৰাৰ প্ৰতিবেদক, ১৩ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰামুগাঁৱস্থিত বৃদ্ধাশ্ৰমত আজি উৰুকাৰ দিনা গুৰ, চিৰা, দৈ আদি বিতৰণ কৰে হাঁহচৰা প্ৰেছ ক্লাৱে। লগতে বৃদ্ধাশ্ৰমৰ আৱাসীৰ লগত ভাৱৰ আদান-প্ৰদান কৰে প্ৰেছ ক্লাৱৰ বিষয়-ববিয়া সকলে। উল্লেখযোগ্য যে, শিমলুগুৰিৰ বিভিন্ন স্থানত জনসাধাৰণৰ সুৰক্ষা স্বাৰ্থত নিজৰ জীৱনক তুচ্ছ কৰি বিহুৰ উৰুকাৰ সময়টো কৰ্তব্যত নিয়োজিত হৈ থকা, আৰক্ষী, চিআৰপিএফৰ জোৱান সকলক আৰু শিমলগুৰি আৰক্ষী থানাত হাঁহচৰা প্ৰেছ ক্লাৱৰ সভাপতি ব্ৰজেন ফুকন, সম্পাদক দেৱজ্যোতি বৰুৱা, সদস্য মিলন কোৱঁৰ, মিতালী শৰ্মা, ৰত্নেশ্বৰ গগৈ আৰু সাংবাদিক বিপিন হাজৰিকায়ে চাহ-পিঠাৰে আপ্যায়ণ কৰাই।
Monday, 13 April 2020
Home
Assam News
উৰুকাৰ দিনা হাঁহচৰা প্ৰেছ ক্লাৱৰ মহানুভৱতা বৃদ্ধাশ্ৰম, কৰ্তব্যৰত আৰক্ষী, চি আৰ পি এফক কৰিলে বিহুৰ আপ্যায়ণ
উৰুকাৰ দিনা হাঁহচৰা প্ৰেছ ক্লাৱৰ মহানুভৱতা বৃদ্ধাশ্ৰম, কৰ্তব্যৰত আৰক্ষী, চি আৰ পি এফক কৰিলে বিহুৰ আপ্যায়ণ
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment