হাঁহচৰাৰ প্ৰতিবেদক, ১২ এপ্ৰিলঃ সমগ্ৰ দেশত লক ডাউন অব্যাহত থকাৰ সময়তে চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা অহি আজি পুৱা উপস্থিত হোৱা দুজন ব্যক্তিকলৈ শিৱসাগৰ জিলাৰ চেৰেকাপাৰৰ সিংহদ্বাৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । ব্যক্তি দুজন বিনয় সিং আৰু পবিত্ৰ সিং বুলি জানিব পৰা গৈছে । এম.এন ০১-৯০৮৯ নম্বৰৰ গেছ এজেঞ্চিৰ গাড়ীৰে মণিপুৰৰ পৰা অহা লোকদুজনৰ পবিত্ৰ সিং নামৰ লোকজন হঠাৎ মুৰ ঘুৰাই ঢলি পৰাত লোকজনৰ ঘৰৰ ওচৰ চুবুৰীয়াৰ মাজত হুৱাদুৱা লাগে । স্থানীয় লোকৰ খৱৰৰ ভিত্তি আশা কৰ্মীৰ লগতে স্থানীয় স্বাস্থ্য কৰ্মীৰ এটা দল আহি লোকজনক হোম’ কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে । লক ডাউনৰ সময়ছোৱাত সকলো লোককে ঘৰতে থকাৰ বাবে প্ৰধানমন্ত্ৰীৱে জনোৱা আহ্বান আৰু প্ৰশাসনৰ কঠোৰ স্থিতিৰ পিছতো যেন, এতিয়া এচাম কাণ্ডজ্ঞানহীন লোকক একো প্ৰভাৱ পেলাব পৰা নাই । সমগ্ৰ বিশ্বতে কৰো’না ভাইৰাছে লোৱা ভয়াবহ মহামাৰীৰূপত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ পিছতো সমাজৰ এই সকল লোকৰ মাজত সচেতনতাৰ অভাৱ নেকি বুলি সমগ্ৰ ঘটনাটোকলৈ ৰাইজে ক্ষোভ ব্যক্ত কৰে ।
Sunday, 12 April 2020
বহিৰাজ্যৰ পৰা অহা দুজন ব্যক্তিকলৈ সিংহদ্বাৰত উত্তেজনা
Tags
# Assam News
About Saumarprahari.in
Saumarprahari.in Assamese Web Media Portal
Assam News
Tags:
Assam News
Subscribe to:
Post Comments (Atom)
No comments:
Post a comment