গেছ এজেঞ্চি আইলাৰ ভূমিকাত অসন্তষ্ট গ্ৰাহক - সৌমাৰ প্ৰহৰী Soumar Prahari News

বাতৰি

Tuesday, 7 April 2020

গেছ এজেঞ্চি আইলাৰ ভূমিকাত অসন্তষ্ট গ্ৰাহক

প্ৰশাসনে বান্ধি দিয়া নিয়মমতে বুকিং কৰিও লাভ নকৰে গেছ

হাঁহচৰা, এজন প্ৰতিবেদক,৭ মাৰ্চ: ২৪ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে লক ডাউন ঘোষণা কৰাৰ পিছতে ঘৰত ব্যবহৃত ৰন্ধন গেছ যোগানক লৈ গ্ৰাহকসকল যথেষ্ট বিবুধিত পৰে। ইয়াৰ পৰিপ্ৰেক্ষিপ্তত  ৰাজ্যৰ জিলা উপায়ুক্তসকলে জনসাধাৰনে লকডাউনৰ নিয়ম ভংগ নকৰাকৈয়ে কেনেকৈ গেছ লাভ কৰিব  এক নীতি নিৰ্দেশনা জাৰি কৰে । এই নিয়ম অনুসৰি প্ৰতিটো গেছ এজেঞ্চিত বুকিংৰ বাবে একোটিকৈ নম্বৰ দিয়া হৈছে । এই বুকিং অনুসৰি গ্ৰাহক সকলক ঘৰতে গেছ এজেঞ্চিয়ে গেছ যোগান ধৰিব। কিন্ত পৰিতাপৰ বিষয় যে শিৱসাগৰৰ আইলা গেছ এজেঞ্চিত বৃহত্তৰ হাঁহচৰা অষ্ণলৰ বহু গ্ৰাহকে প্ৰায় ৮ দিন আগৰেপৰা বুকিং কৰিও আজি পৰ্যন্ত গেছ লাভ কৰা নাই। এই এজেঞ্চিত শিৱসাগৰ নগৰৰ উপৰিও লখিমীনগৰ, চেৰেকাপাৰ, কুজিবালি, খেলুৱা, চেঙেলিবাৰী অঞ্চলৰ বহুসংখ্যক গ্ৰাহক আছে এইসকল গ্ৰাহকক এই সুবিধা প্ৰদান কৰিব পৰা নাই। আনহাতে কোনোধৰণৰ সঠিক নিয়ম নোহোৱাত গ্ৰাহকে দিনটো লকডাউনৰ নিয়ম ভংগ কৰি ৰাষ্টাত গেছৰ গাড়ীৰ বাবে খাপ পিটি থাকিব লগা হোৱাত এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছে। ভূক্তভোগী গ্ৰাহকসকলে প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছে।

No comments:

Post a comment