সৌমাৰ প্ৰহৰী
December 10, 2020
0
সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজনৰ বাবে আহ্বায়ক সমিতিৰ গঠন
সৌমাৰ প্ৰহৰী, ১০ ডিচেম্বৰ, নিউজ ডেক্স নিউজঃ সদৌ অসম মটক ছাত্ৰ সন্থা'ৰ ডিব্ৰুগড় জিলাৰ সাংগঠনিক সম্পাদক হিৰকজ্যোতি বৰুৱাই আজি এক প্ৰেছ বিবৃত্তিৰ যোগেদি জানিবলৈ দিয়ে যে, অসমৰ এটি অন্যতম জনগোষ্ঠী মটক সকলৰ অন্যতম ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাৰ সংগঠনটোৰ এক জৰুৰীকালীন সিন্ধান্ত মৰ্মে আগন্তুক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰিব বাবে আজি কেন্দ্ৰীয় সমিতি এক তৃতীয়াংশ সদস্যৰ সৰ্ব সন্মতি ক্ৰমে ৰঞ্জিত চেতিয়াক সভাপতি আৰু ৰাতুল গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ১১ জনীয়া এখনি আহ্বায়ক সমিতি গঠন কৰা লগতে অহা ২৩ জানুৱাৰীত শিৱসাগৰ জিলাত প্ৰতিষ্ঠা দিৱস পালনৰ লগতে সংগতি ৰাখি সংগঠনটোৰ সাধাৰণ পৰিষদৰ সভাৰ অনুষ্ঠিত কৰা সিন্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে ৷